আৰু চন্দ্ৰকান্ত সিংহই পুনৰায় ৰাজত্ব পায়। তাৰ পাচে মানৰ
ৰজাই দেশৰ অৱস্থ৷ বুজিবলৈ আকৌ কিছুমান সৈন্য পঠালে।
চন্দ্ৰকান্ত স্বৰ্গদেৱে মান অমিলৰূপে আহিছে বুলি ভাবি মানৰ
আক্ৰমণ নিবাৰিবলৈ লোক পঠালে। মানৰ সৈন্যই আমাৰ
সৈন্যক পৰাভৱ কৰি নগৰ প্ৰবেশ কৰিলে। ৰজা পলাই
আহিল। মানৰ আক্ৰমণ দমাব নোৱাৰিলে। উজনীখণ্ড লৈ
মান ক্ৰমে ভটীয়াই আহিল। দেশত মহা হুলস্থুল লাগিল।
নানা ঠাইলৈ মানুহ ভাগি গল।
দেশৰ এনে অৱস্থা দেখি হলিৰাম বৰুৱ৷ গুৱাহাটীৰ ছাউনী এৰি হাদীৰালৈ গল। তেওঁ গুৱাহাটীৰ পৰা যাওঁতে অনেক বস্তু তাতে এৰি গল। অনেক নাও আৰু বস্তু ক্ষতি হল। চন্দ্ৰকান্ত ৰজা ভটীয়াই গল। মানে ক্ৰমে হাদীৰা পালেগৈ। দুৱৰীয়াৰ অধীনৰ শিখ আৰু আন সৈন্যই মানে সৈতে যুদ্ধ কৰিলে। চৈতন্য সিংহ চুবাদাৰ প্ৰভৃতি চিপাহী ৰণত পৰিল। হলিৰাম বৰুৱাই এই যুদ্ধত বৰ সাহস দেখুৱাইছিল। চিপাহী ৰণত পৰি পৰাস্ত হলত হলিৰাম বৰুৱা নাও লৈ লৰি আহিল ৷ নাওত বন্দুকৰ সঙ্গিন আছিল। সেই সঙ্গিন তেওঁৰ ডিঙ্গিত সোমাল। বলেৰে সঙ্গিন উলিয়াই মূৰৰ পাগুৰীৰে ডিঙ্গি বান্ধি নাওত উঠিল আৰু নাও ভটীয়াই যোগীঘোপালৈ গল।
ঘৈণীবিলাকে মান অহা দেখি পাৰিলে মানে বস্তু লৈ নাওত উঠিল। বেটী-বান্দী আৰু আন মানুহবিলাকো নাওত উঠিল। আমাৰ সৈন্য পৰিলত মানবিলাকে সেই নাও আৰু আন মানুহৰ নাও খেদি আহিল। ঘৈণীবিলাকৰ নাওত হলিৰাম বৰুৱাৰ মাতৃ আৰু বিমাতা দুজনা যজ্ঞৰাম, ৰণৰাম আৰু তেওঁৰ দুজনা ঘৈণী আৰু বিজয়ৰাম নামে এটি পুত্ৰ আৰু যজ্ঞেশ্বৰী নামে এট কন্যা আৰু ৰণৰামৰ জ্যেষ্ঠা পত্নী আৰু পৰশুৰাম বৰুৱাৰ কনিষ্ঠা পত্নীৰ ভগিনী সৰ্ব্বেশ্বৰী আছিল। নাওৰ মাজীয়ে নাও মেলিবলৈ নাও ঠেলিলত নাও নচলে। নাও বাম পানীত