আৰু ইয়াত এটি নতুন বংশ সংস্থাপন কৰিলে। কালক্ৰমে
ব্ৰহ্মচাৰী অতুল ঐশ্বৰ্য্যশালী হৈ কাৰ্ত্তিকৰ শুক্লাচতুৰ্থীত পৰলোকলৈ
গল। পূৰ্ব্বৰেপৰা পৰশুৰাম বৰুৱাই সকলো কাৰ্য্যকে কৰিছিল;
ব্ৰহ্মচাৰী নামমাত্ৰ অধিকাৰ আছিল। এতিয়া তেওঁৰ সম্পূৰ্ণ
আধিপত্য হল। ব্ৰহ্মচাৰীৰ ইচ্ছা আছিল যে পৰশুৰামক দুৱাৰৰ
কাৰ্য্যৰ গৰাকী পাতি তেওঁ ৰণৰামক লগত লৈ তীৰ্থ পৰ্য্যটন
কৰে। ৰণৰামৰ প্ৰকৃতি সৰুৰেপৰা শান্ত আছিল আৰু বাবাৰ
লগত সদাই থকাত তেওঁৰ শুশ্ৰূষা কৰিবলৈ ভালকৈ জানিছিল |
ব্ৰহ্মচাৰী পৰলোক গত হোৱাত ৰণৰামে তেওঁৰ অস্থি লৈ তীৰ্থ
পৰ্য৷টিবলৈ গল। গঙ্গা, গয়া, কাশী, প্ৰয়াগ, মথুৰা, বৃন্দাবন,
হৰিদ্বাৰ, সেতুবন্ধ ৰামেশ্বৰ, জগন্নাথ ক্ষেত্ৰ প্ৰভৃতি ভ্ৰমণ কৰি
সকলোতে পিতৃৰ অস্থি লগালে আৰু শ্ৰাদ্ধাদি কৰিলে।
ব্ৰহ্মচাৰীৰ নিজ দেশলৈ গৈ তেওঁৰ পত্নী আৰু আন আন গৃহবৰ্ত্তীসকলৰ
আগত শোকসূচক বাৰ্ত্তা কলে। ব্ৰহ্মচাৰীৰ পত্নীয়ে তেতিয়াহে
হাতৰ খাৰু পৰিত্যাগ কৰিলে আৰু বৈধব্য অৱলম্বন কৰিলে।
এনে কথা প্ৰকাশ আছে যে ব্ৰহ্মচাৰীৰ বংশ বৃদ্ধি নহয় বুলি তেওঁ
শাপ দিলে। বহুদিনৰ মূৰত ৰণৰাম স্বদেশলৈ ঘূৰি আহিল। আৰু
আঠগঁয়া বিষ্ণুৰাম হাজৰীকাৰ কন্যা ইন্দ্ৰানীক বিবাহ কৰালে।
ব্ৰহ্মচাৰীৰ দিনতকৈ দুৱৰীয়াৰ ঘৰৰ অৱস্থা আৰু উন্নত হল। পৰশুৰাম বৰুৱাই এই নিয়ম কৰিলে যে তেওঁৰ সকলো ভ্ৰাতৃসকলে নিৰ্দিষ্ট কাৰ্য্য কৰে। পটাভিৰামৰ ইয়াৰ পূৰ্ব্বে মৃত্যু হয়। পশুৰাম মূল বৰুৱা। তেওঁ বঙ্গালহাট, গুৱাহাটী, যোৰহাট-- য’তে সুবিধা ত’তে থাকে। শম্ভুৰামে বঙ্গালহাটত থাকি তাৰ কাৰ্য্য চলায়। সেই কাৰণে তেওঁক বঙ্গালহটীয়া বৰুৱা বুলিছিল। অভিৰাম গুৱাহাটীত থাকিছিল। সেইদেখি তেওঁক গুৱাহটীয়া বৰুৱা বুলিছিল৷ ৰণৰামে যোৰহাট নগৰত থাকি তাৰ যি কাৰ্য্য তাক কৰিছিল। এই কাৰণে তেওঁক যোৰহটীয়া বৰুৱা