পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
 


ঘৰৰ ডেকাজনৰ নাম পৰশুৰাম, তৃতীয়জনৰ নাম শম্ভুৰাম আৰু যোগাইৰ নাম ৰণৰাম। দুঃখুৰ মাৰ পুতেক দুটিৰ বৰটিৰ নাম অভিৰাম আৰু কনিষ্ঠটিৰ নাম পটাভিৰাম, কন্যাটিৰ নাম পাতলী। ব্ৰহ্মচাৰীয়ে নিজে সীতাৰাম, পৰশুৰাম আৰু শম্ভুৰামক নিজ গোত্ৰত তুলি উপনয়ন দিলে। ই তিনিজনৰ সীতাৰামে অভিৰামক, পৰশুৰামে ৰণৰামক আৰু শম্ভুৰামে পাটাভিৰামক উপনয়ন দিলে। তেতিয়াৰপৰা এওঁবিলাকৰ মাজত ভ্ৰাতৃ সম্বন্ধ হল। ব্ৰহ্মচাৰীৰ শ্ৰীবাৎস্য গোত্ৰ আৰু ভাৰ্গৱ, ঢ্যকা, আৰবায়ন, ঔৰ্ব্ব আৰু জামদগ্ন্য প্ৰবৰ হল। অসম দেশৰ প্ৰচলিত সন্ধ্যা-আহ্নিকৰ প্ৰণালী তেওঁবিলাকৰ গুচিল। দ্ৰাবিড় দেশৰ চলিত সন্ধ্যাৰ প্ৰণালী এওঁবিলাকৰ হল। এই দেশৰ প্ৰচলিত যজুৰ্ব্বেদ আৰু কান্বশাখাই এওঁবিলাকৰ থাকিল। কোনো কোনো ক্ৰিয়াৰ দ্বাৰাই ব্ৰহ্মচাৰীক সামবেদী বুলি জানি কিন্তু কাৰ্য্যতঃ তেওঁৰ সন্তানসকলে যজুৰ্ব্বেদকে স্বীকাৰ কৰিলে। ব্ৰহ্মচাৰীয়ে ভাৰতবৰ্ষৰ পশ্চিম-দক্ষিণ অঞ্চলত নিজৰ পত্নী আৰু গৃহ পৰিত্যাগ কৰি আহিও এইৰূপে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব্ব অঞ্চলত এটি পৰিবাৰ সৃষ্টি কৰিলে। ব্ৰহ্মচাৰী এই পুত্ৰসকলৰ টোলত নাথাকিছিল। তেওঁ অন্ন ভোজন নকৰিছিল--ফলাহাৰ কৰিছিল। সন্ন্যাসীয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিল। তেও বৰ বলিষ্ঠ আৰু স্থূলন্তৰ আছিল। তেওঁৰ শৰীৰৰ লোম আৰু দাড়ি দীঘল থকাত তেওঁক “দাড়ীয়া ব্ৰহ্মচাৰী” বুলিও লোকে কৈছিল।

 প্ৰথম পুত্ৰ তিনিজনক ব্ৰহ্মচাৰীয়ে ভাল ঘৰৰ ছোৱালী অনাই বিয়া কৰাই দিলে। শীতাংশু সভাপণ্ডিতৰ ঘৰৰ লক্ষ্মীনাথৰ কন্যা কামেশ্বৰীক পৰশুৰামে বিবাহ কৰালে।

 গৌৰীনাথ সিংহ স্বৰ্গদেৱ ১৭১৬ শকত ৰঙ্গপুৰ নগৰ পৰিত্যাগ কৰি যোৰহাট বাহৰলে আহিল। ১৭১৭ শকৰ আঘোণত সেইজনা স্বৰ্গদেৱ স্বৰ্গী হলত কমলেশ্বৰ সিংহ স্বৰ্গদেৱ সিংহাসন