পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
 


গুৱাহাটী পালেহি। দৰঙ্গৰ কৃষ্ণনাৰায়ণ প্ৰভৃতি কেতবিলাক মানুহে ৰজাৰ দুৰ্বলতা দেখি উপদ্ৰৱ কৰিছিল। কাপ্তান চাহাব আহি পালত সেইসকল নিবাৰণ হ'ল। এই সময়তে গুৱাহাটীত জহনী ৰোগ উৎপত্তি হলত অনেক লোক মৰে। তাৰ পাছেও গ্ৰহণী ৰোগত অনেক লোক মৰে। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী এই সময়তে পালেহি কিন্তু ইয়াৰ কিঞ্চিৎ পূৰ্ব্বে সেই কণা মজুমদাৰৰ মৃত্যু হোৱাত চক্ষুদানৰ বিষয় কোনো প্ৰশ্ন উত্থাপিত নহ'ল। ব্ৰহ্মচাৰী চিকিৎসা শাস্ত্ৰত পাৰ্গত আছিল। সেই গ্ৰহণী ৰোগত ঔষধেৰে অনেক লোকক তেওঁ উপকাৰ কৰিলে। সেই সময়তেই প্ৰথমে আমাৰ দেশত কানি বা আফিঙৰ খেতি আৰু ব্যৱহাৰ হবলৈ ধৰিলে। ভাটীৰপৰা অহা চিপাহী আৰু আন মানুহৰপৰা পোৱা গুটিৰে খেতি কৰা হয়। জহনী আৰু গ্ৰহণী ৰোগৰ আফিঙ বা কানি এটি প্ৰধান ঔষধ। সেইকাৰণে এই দেশী লোকসকলে অনুমান হয় তাক বৰ আগ্ৰহেৰে ৰাখিলে।

 কাপ্তান ওৱেলচ চাহাবে সসৈন্যে ৰজাক লৈ উজাই ৰঙ্গপুৰলৈ গ'ল। কামাখ্যা আৰু আন আন তীৰ্থ দৰ্শন কৰি ব্ৰহ্মচাৰীও সেই লগতে উজাই গল। কাপ্তান চাহাবে মোৱামৰীয়াক খেদি ১৭১৫ শঁকৰ চ'তত ৰজাক ৰাজসিংহাসন দি ভটীয়াই গল। ব্ৰহ্মচাৰী বৰ বুদ্ধিমান আৰু বহুদৰ্শী লোক আছিল। তেওঁ শীঘ্ৰে ৰজা বুঢ়াগোহাঁই আৰু আন বিষয়াসকলৰ প্ৰিয় হৈ উঠিল। দেশত ভাল চিপাহী নথকাত ব্ৰহ্মচাৰীয়ে শিখ আৰু হিন্দুস্থানী মানুহ ৰজাৰ চিপাহী দলত নিযুক্ত হবলৈ পুৰুষাৰ্থ কৰি অনাই দিবলৈ স্বীকাৰ কৰিলে। ক্ৰমে অনাইও দিলে। তাৰ কিছুমান অসম আৰু বঙ্গদেশৰ সীমা হাদীৰা চকি বা বঙ্গালহাটত থাকিল।

 সেই সময়ত হাদীৰা চকিত পকা বেজী নামে এজন লোক দুৱৰীয়া বৰুৱা আছিল। তেওঁ বিষয় এৰি ৰাজ আজ্ঞাৰে মহন্ত শ্ৰেণীলৈ গল। তেওঁৰ বংশাৱলী ক্ৰমে এতিয়াও বামুন্দীয়া