পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আনন্দৰাম ঢেকিয়াল
 

কোনো ৰজাৰপৰা এখন পত্ৰ অহাত তাক পঢ়িবলৈ কোনো সমৰ্থ নোহোৱাত কণা মজুমদাৰক অনোৱা হল। তেওঁ চক্ষুহীন প্ৰযুক্ত, তাক পাঠ কৰিব নোৱাৰাত আন এজনে তেওঁৰ আঙ্গুলি অক্ষৰবিলাকৰ ওপৰেদি বুলাই নিলে। এই উপায়ৰ দ্বাৰাই সেই পত্ৰৰ মৰ্ম্ম ৰজাৰ অবগত হল আৰু অন্ধজনৰ চক্ষুদান কৰিবলৈ বেজবৰুৱাবিলাকক অনুমতি কৰিলে। এবাৰ চক্ষুৰুৎপাটিত হলে পুনৰায় যে চক্ষু নহয়, এই কথা স্বৰ্গদেৱৰ আগত জনাবলৈ বেজবৰুৱাসকলৰ সাহস নহল। পাচে তেওঁবিলাকে মন্ত্ৰণা কৰি ৰজাক জনালে--বোলে ভাটীৰপৰা বেজ ননালে চক্ষু চিকিৎসা হব নোৱাৰে আৰু এই বুলি বেজ বিচাৰিবলৈ ভাটীলৈ মানুহ পঠালে। ভাৰতবৰ্ষৰ পশ্চিম-দক্ষিণ প্ৰদেশত দ্ৰাবিড় নামে এক সুবিস্তীৰ্ণ ৰাজ্য আছে। ই বহু প্ৰাচীন। সেই দেশত বীৰৰাঘব নামে এক ব্ৰাহ্মণৰ চন্দ্ৰশেখৰ নামে এক পুত্ৰ আছিল। তেওঁৰ চাৰি পুত্ৰ। চন্দ্ৰশেখৰৰ সাংসাৰিক অৱস্থা ভাল আছিল। তেওঁৰ মৃত্যু হলত তেওঁৰ পুত্ৰসকলৰ অৱস্থা তেনে নাথাকিল। চাৰি পুত্ৰৰ ভিতৰত তিনিজনে বিবাহ কৰালে। সৰ্বকনিষ্ঠ লক্ষ্মীনাৰায়ণে বিবাহ কৰাই তেওঁৰ পত্নীক গৃহলৈ আনিলে। তেওঁৰ অগ্ৰজ কেইজনৰ পত্নীসকলক যি পৰিমাণে অলঙ্কাৰ দিয়া হৈছিল লক্ষ্মীনাৰায়ণৰ পত্নী ব্ৰাহ্মণীৰ তিমান নাছিল; বিশেষকৈ নাকৰ নথ নাছিল। ইয়াতে লক্ষ্মীনাৰায়ণে বিৰক্ত হৈ অনুমান কৰিলে--তেওঁৰ অগ্ৰজসকলৰ তেওঁৰ প্ৰতি সমুচিত স্নেহ নাই অথবা তেওঁবিলাকৰ এনে অৱস্থা হৈছে যে স্বচ্ছলমতে থাকিব নোৱাৰিব। বিশেষ আগলৈ তেওঁবিলাকৰ যি সন্তান-সন্ততি হব সেইসকলৰ অৱস্থা আৰু বেয়া হব। ইত্যাদি নানা কথা ভাবি তেওঁৰ বৈৰাগ্য জন্মিল আৰু ব্ৰহ্মচাৰী বেশে অষ্টাবিংশ শতাব্দীৰ কিঞ্চিৎ পূৰ্বে গৃহ ত্যাগ কৰিলে। তেওঁ সন্ন্যাসীৰ লগে লগে নানা তীৰ্থ, দেশ পৰ্য্যটন কৰি মুৰচিদাবাদ চহৰলৈ আহিল।