পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ

আৰম্ভণ


 অসম দেশৰ অধিপতি লক্ষ্মীসিংহ স্বৰ্গদেৱ ১৭০২ শকৰ ৩০ অগ্ৰহায়ণত পৰলোক হয়। তেওঁৰ পুত্ৰ লোকনাথ গোঁহাই দেৱতাই পাচদিনা সিংহাসনত আৰোহণ কৰি গৌৰীনাথ সিংহ নাম গ্ৰহণ কৰে। এওঁৰ ঔদ্ধত্য গুণ বৰ প্ৰবল আছিল। এওঁৰ ইচ্ছাক কোনোৱে নিবাৰিব নোৱাৰিছিল। কাৰো পৰামৰ্শ, মন্ত্ৰণা বা ঊপদেশ এইজনা ৰজাই মনত ঠাই নিদিছিল। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনত মোৱামৰীয়াবিলাকে ৰাজ্যত হুলস্থূল লগাই ৰাজসিংহাসন গ্ৰহণ কৰিছিল। পাছে মন্ত্ৰীসকলৰ মন্ত্ৰণাৰে সেই বিদ্ৰোহ নিবাৰণ হল। লক্ষ্মীনাথ সিংহ স্বৰ্গদেৱে আকৌ ৰাজত্ব পালে। গৌৰীনাথ সিংহ স্বৰ্গদেৱে পিতৃ-বৈৰী মোৱামৰীয়াবিলাকৰ প্ৰতি অত্যাচাৰ আৰম্ভ কৰিলে। তেওঁৰ শাসন কঠিন আছিল। অতি লঘু অপৰাধতে লোকক গুৰুদণ্ড কৰা তেওঁৰ বৰ অভ্যাস আছিল। তেওঁৰ বিবেচনা শক্তি একেবাৰে অস্থিৰ আছিল। তেওঁ কেতিয়া ৰুষ্ট হয় আৰু কেতিয়া তুষ্ট হয় তাক কোনেও নাজানিছিল। তেওঁৰ সাধাৰণ পদাৰ্থ-জ্ঞানে৷ নাছিল। অধিক কি তেওঁক মতিচ্ছন্ন বোলাতো দোষ নাই।

 গৌৰীনাথ সিংহ স্বৰ্গদেৱে সৈতে সৰুকালত একেলগে পঢ়া মজুমদাৰ এজনা ডেকা আছিল। এদিন অতি লঘু অপৰাধতে ৰজাই তেওঁৰ চক্ষুৰুৎপাটন কৰালে। কিছুকালৰ পাচত বিদেশী