পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিঃশব্দ অভিযান

 আমি যি আশংকা কৰিছিলো, সেয়ে ঘটিছে, ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে ১০ নৱেম্বৰ তাৰিখে জজ ফিল্ডত গণ সমাৱেশ পাতিব পৰা নাই। আমি আৰম্ভণিৰে পৰা এনে গণ সমাৱেশৰ বিৰোধী আছিলো, কিয়নো ইয়াৰ কোনো প্ৰয়োজন নাছিল— আন্দোলনৰ লক্ষ্যৰ প্ৰতি ৰাইজৰ সমৰ্থন সদায় আছে, তাক বাৰে বাৰে নতুনকৈ প্ৰমাণ কৰাৰ দৰ্কাৰ নাই, আৰু সমাৱেশ পাতি “ব্যাখ্যা” দিবলৈ কোনো নতুন কথাও নাই, থাকিলেও বাতৰি কাকতৰ বিবৃতিয়েই যথেষ্ট (জজ ফিল্ডৰ মানুহৰ বাহিৰে অসমৰ বাকী মানুহে কথাখিনি কাগজতেই পঢ়িব লাগিব)। চৰকাৰী নিষেধ আৰু চি আৰ পি অগ্ৰাহ্য কৰি সমাৱেশ পাতিমেই বুলি হুংকাৰ দিলেই সমাৱেশ যে হ’ব নোৱাৰে সেইটো প্ৰথমৰে পৰা স্পষ্ট আছিল, কিয়নো দুবছৰৰ আগৰ মনোবল মানুহৰ আজি নাই। “জজ ফিল্ডত গণ সমাৱেশ পাতিবলৈ দৃঢ় সংকল্প” আদি দাম্ভিক উক্তিৰ শেষত অইন অইন ঠাইত খণ্ড সমাৱেশ পাতি এইটো প্ৰমাণ কৰা নহ’ল যে জজ ফিল্ডত সমাৱেশ কাৰ্যকৰী কৰা হ’ল। এই পৰাজয়ক “চৰকাৰী অপচেষ্টা ব্যৰ্থ কৰি জনতাৰ জয়লাভ” আদি বাজে কথাৰে ঢাকিবৰ চেষ্টা কৰাটো আমাৰ বোধেৰে অসাধু মনোবৃত্তিৰ পৰিচায়ক।

 আৰু এতিয়া আহিছে নতুনকৈ বন্ধৰ আহ্বান। আমি স্থানান্তৰত

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৫৭