পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিৰোধিতা কৰিবলৈ বাধ্য হৈছিলোঁ অকল নিৰ্বোধ হঠকাৰিতাবোৰৰ বাবেই নহয়, লগতে তথাকথিত আন্দোলনত “ভাৰতীয় সংবিধানৰ পবিত্ৰতা ৰক্ষা”ৰ পুনঃ পুনঃ ভাটৌ-ঘোষণাৰ বিৰোধিতা কৰি, কিয়নো আমাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰাথমিক কথাখিনিয়েই দেখুৱায় যে এইখন এখন কিনা-গোলামৰ সংবিধান, য'ত কোৱা হৈছে যে ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ কোনোদিনে কাৰো কোনো অধিকাৰ নাথাকিব। অৰ্থাৎ ‘এবাৰ যদি আমাৰ কবলত পৰিলা, তেনেহ'লে তুমি চিৰকাললৈ মোৰ দাস আৰু কেতিয়াও ভাটৌ-ঘোষণাৰ বিৰোধিতা কৰি, কিয়নো আমাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰাথমিক কথাখিনিয়েই দেখুৱায় যে এইখন এখন কিনা-গোলামৰ সংবিধান, য’ত কোৱা হৈছে যে ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ কোনোদিনে কাৰো কোনো অধিকাৰ নাথাকিব, অৰ্থাৎ ‘এবাৰ যদি আমাৰ কবলত পৰিলা, তেনেহ'লে তুমি চিৰদিনলৈ মোৰ দাস, আৰু কেতিয়াও ওলাব নোৱাৰিবা, তেহেলৈ মই যিয়েই নকৰো লাগে।' (আনকি ছোভিয়েট সংবিধানতো ৰাষ্ট্ৰসমূহৰ বিচ্ছিন্নতাৰ অধিকাৰ আছে, ইমানদিনে দমিত হৈ থাকি সাৰ্বভৌমত্বৰ দাবী তেওঁলোকে তুলিব পৰা নাছিল— যদিও আনকি ষ্টালিনৰ দিনৰে পৰা তেওঁৰ নিজৰে ৰাষ্ট্ৰ জৰ্জিয়াতো এই দাবী উমি উমি জ্বলি আছিল— এতিয়া গ্লাচনষ্টৰ সুবিধা পাই এইবোৰ দাবী সোচ্চাৰ আৰু সাব্যস্ত হৈ উঠিছে; যুক্তৰাজ্যৰ ৰাষ্ট্ৰসমূহো ইচ্ছা কৰিলে বিচ্ছিন্ন হৈ যাবও পাৰে; বৃটেইনৰ কোনো লিখিত সংবিধান নাই কিন্তু তাতো সাৰ্বভৌম আয়াৰলেণ্ডৰ দাবী চলি আছে আৰু স্কটলেণ্ডে নিজস্ব পাৰ্লিয়ামেণ্ট বিচাৰি আছে) কিন্তু কোনো কাকত-আলোচনীয়ে কথাবোৰ আমাক স্পষ্টভাৱে ক’বলৈ দিয়া নাই, (বহুতো ক্ষেত্ৰত মূল বক্তব্য কাটিছে, বা কথাখিনি ঘূৰাই-পকাই ক'বলগীয়া হৈছে)। আমি এইটোও কৈছোঁ যে আমাৰ ‘স্বাধীন অসম’ৰ ধাৰণা ভুল হ’ব পাৰে, কিন্তু আমাক আমাৰ মনৰ ভাব ব্যক্ত কৰিবলৈ অধিকাৰ দিয়া হওক, এই লৈ মুকলি বিতৰ্ক হওক, যদি আমাৰ কথাবোৰ ভুল বুলি প্ৰতিপন্ন হয়, তথাস্তু। কিন্তু

১৬ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা