পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শ্ৰীবৰুৱাৰ আন কিছুমান মন্তব্যও আমি মানি ল’ব নোৱাৰিলো, যেনে— “কোনখন দেশৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ সম্পৰ্ক বেছি? নিঃসন্দেহে ভাৰতবৰ্ষৰ”। আমি সংস্কৃতি বুৰঞ্জীবিদ নহওঁ, কিন্তু ভাৰতীয় কু-সংস্কাৰবোৰৰ বাহিৰে কোনো ভাৰতীয় (অৰ্থাৎ একেবাৰে স্বকীয় ভাৰতীয়) ‘সংস্কৃতি’ৰ লগত আমি অসমীয়া কৃষ্টি, সংস্কৃতি, আচাৰ-ৰীতি-মনোবৃত্তিৰ মিল নেদেখোঁ (চীন, শ্যাম আদিবোৰৰ লগতহে বেছি মিল থকা যেন লাগে)। কিন্তু আমি কোৱাৰ দৰে, এই বিষয়ত আমি প্ৰায় অজ্ঞ, গতিকে জনাজনে তাৰ বিচাৰ কৰক। তেনেদৰে, তেখেতে কোৱা এইবোৰ কথাও আমি সম্পূৰ্ণ মানিব নোৱাৰোঁ; “(জনজাতীয়গোষ্ঠীসমূহে) ভাৰতৰ লগতে থাকিবলৈ বিচাৰে, কেৱল অসমৰ লগত থকাতহে তেওঁলোকৰ আপত্তি.... তেওঁলোকৰ মতে তেওঁলোকৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱেই দায়ী.……..”, ইত্যাদি। অসমৰ জনজাতীয় গোষ্ঠীসকলক অনা-অসমীয়া ভাৰতীয়সকলে খুব “প্যাৰ” কৰে? অসমীয়া মধ্যবিত্তহে তেওঁলোকৰ শত্ৰু? এইবোৰ ধাৰণাও আমাৰ বোধেৰে বাহিৰৰ প্ৰচাৰ মাধ্যমবোৰৰ বহুদিনীয়া আৰু নিৰৱচ্ছিন্ন মিথ্যাচাৰৰ ফল : ‘উদয়াচল’ৰ মানচিত্ৰ প্ৰথম প্ৰস্তুত হয় কলিকতাৰ এটা গলিত, ‘মেঘালয়’ৰ প্ৰস্তাৱৰ পিছপিনে আছিল কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোলৰ অধ্যাপক। অসমীয়া মধ্যবিত্তই (বা ধনী শ্ৰেণীয়েও) বড়োসকলৰ কি অন্যায় কৰিছে? কোকৰাঝাৰ অঞ্চলৰ ভাল ভাল মাটিবোৰ, সংৰক্ষিত ভূমি, ব্যৱসায়-বাণিজ্য কাৰ দখলত? বড়ো অধ্যুষিত অঞ্চলবোৰ সামৰি যদি বড়োলেণ্ড লাগে, তেন্তে তাৰ ভিতৰত উত্তৰ বংগৰ বৃহৎ বড়ো জনসংখ্যাৰ অঞ্চলবোৰৰ কথা ধৰা নহয় কিয়? ইয়াৰ ৰহস্য কি? অবড়ো লোকসকলক খেদোৱাই যদি বড়ো আন্দোলনৰ এটা লক্ষ্য হয় তেন্তে কিয় অকল অসমীয়া মাধ্যমৰ স্কুল জ্বলাই দিয়া হয়, কিন্তু বঙালী/ইংৰাজী মাধ্যমৰ স্কুলত হাত দিয়া নহয়? এইবোৰ প্ৰশ্ন আমাৰ ‘বুদ্ধিজীৱী’ সকলৰ মনত উদয় হয়নে? অসমীয়া ‘বুদ্ধিজীৱী’ শ্ৰেণীৰ বিড়ম্বনা হ’ল এয়ে যে

১৮ « চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা