পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোৱা হওক, আৰু এটি বুজনধৰণৰ মাপকাঠি প্ৰয়োগ কৰি নিৰ্ধাৰণ কৰা হওক এটা পৰিয়ালক কেইখন যান লাগে। বয়সস্থ স্বামী-স্ত্ৰীক হয়তো এখন গাড়ী লাগিব, কিন্তু স্কুলীয়া ল'ৰা-ছোৱালীয়ে বাছত অহা-যোৱা কৰিব পাৰিব, বা চাইকেল চলাব। এজন ডাক্তৰক এখন গাড়ী লাগিব, কিন্তু তেওঁ স্ত্ৰীৰ হয়তো গাড়ী নহ'লেও চলিব। কৰ্মস্থান যদি ঘৰৰ পৰা দূৰত তেনেহ'লে ঘৰৰ আবাসীয়ে এখন স্কুটাৰ ল’ব পাৰে, কিন্তু ঘৰৰ কলেজীয়া ল'ৰা-ছোৱালীয়ে কলেজলৈ মটৰ বাইক চলাই যাব নালাগে। ইত্যাদি। এইবোৰ পৰিসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হওক (দৰকাৰ হ’লে আইন প্ৰণয়ন কৰি) এটা বাধ্যতামূলক নীতি, যাৰ দ্বাৰা প্ৰতিটো ঘৰত দুচকীয়া আৰু-মটৰ গাড়ীৰ সংখ্যা সীমিত কৰা যাব।

 ২. ছিংগাপুৰ, হংকং আদি ঠাইত হেনো (সঠিক নাজানো) যোৰ নম্বৰ-প্লেটৱালা গাড়ীবোৰ চলে এদিন বাদে এদিন, যেনে সোমাবাৰে, বুধবাৰে আৰু শুকুৰবাৰে, আৰু বেযোৰ নম্বৰ প্লেটৱালা গাড়ী চলে মঙলবাৰে, বৃহস্পতিবাৰে আৰু শনিবাৰে। আমাৰ ইয়াতো হয়তো তেনেকুৱা কিবা এটা কৰি চাব পাৰি। দেওবাৰে কি কি কৰা যায় সেইটো ৰাজহুৱা মতামতেৰে ঠিক কৰা হওক।

 ৩. অন্ততঃ দুবছৰৰ বাবে মটৰ গাড়ী আৰু (চাইকেল বাদ দি) আন দুচকীয়া যানৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা (Moratorium) বা স্থগিতাজ্ঞা বলৱৎ কৰা হওক। গাড়ী আৰু দুচকীয়াৰ সকলো বিজ্ঞাপন বন্ধ কৰা হওক। বহুজাতিক নিগমবোৰে আপত্তি তুলিব যে তেওঁলোকৰ কেঁচামাল আৰু কল-কাৰখানা এনেয়ে পৰি থাকিব, তেওঁলোকৰ বিৰাট লোকচান হ’ব। সেইটো তেওঁলোকৰ সমস্যা, কিন্তু আচলতে তিমান লোকচান নহয়— তেওঁলোকৰ উৎপাদন-সুবিধাৰে তেওঁলোকে চাইকেল, ট্ৰেক্টৰ, এম্বুলেন্স, ষ্টাফ্-বাছ আদি বনাব পাৰিব। কিন্তু মটৰ গাড়ী আৰু দুচকীয়াৰ ক্ষেত্ৰত এটা দুবছৰীয়া নিষেধাজ্ঞা বলৱৎ কৰাৰ কামটো একেবাৰে জৰুৰী। তাৰ বাহিৰে ৰাস্তাত গাড়ী কমোৱাৰ বিকল্প নাই।

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৭১