পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গতিকে ‘মেগামাৰ্ট’তে বে-আইনীভাৱে গাড়ী সুমুৱাই দি আমি খাবলৈ বহোঁ। আমাৰ সামাজিক জীৱন এফলীয়াকৈ আঁতৰাই থওঁ, আমাৰ সাংস্কৃতিক জীৱন পাহৰণিৰ আৱৰ্জনালৈ দলিয়াই দিওঁ, আমি খাওঁ আৰু জীৱন নিৰ্বাহ কৰোঁ.….…...তাৰ পিছত ঘৰমুৱা যাত্ৰা....আ, সঁচাই, আমি বাস কৰোঁ প্ৰীতিদায়ক পৰিৱেশত, এখন সুসভ্য সমাজত, নহয় জানো?...

*   *   *   *

 কেনেকৈ আহিল এই দুখ লগা কিন্তু ভয়াৱহ পৰিস্থিতি, য'ত আমি য’লৈ যাব খোজোঁ তালৈ যাব নোৱাৰোঁ, য'তৰ'ব খোজোঁ তাত ৰ'ব নোৱাৰোঁ?যিটো কৰিব খোজোঁ সেইটো কৰিব নোৱাৰোঁ? কেনেকৈ আহিল এই দৃশ্য, য'ত চহৰখন দেখা যায় যেন গাড়ী আৰু বাইকৰ এটা নিৰৱচ্ছিন্ন দ’ম, য'ৰ নাগৰিক হ’ল এই ব্যূহৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি ওলাই আহিবৰ চেষ্টাত ব্যতিব্যস্ত? সকলোৱে জানে যে নাগৰিকৰ এই দুৰ্দশাৰ কাৰণ হ’ল সৰ্বত্ৰ দুৰ্নীতিৰ পয়োভৰ, যাৰ ফলত আইনৰ ৰাজত্ব স্খলিত। আৰু দুৰ্নীতিৰ মূল হ’ল লোভ, খঁক। একেবাৰে নীতিবিবৰ্জিত আৰু অৰ্থলিপ্সু ৰাজনীতিকৰ কুচক্ৰ তথা অন্যান্যৰ লগত সেইবোৰ দলৰ অতীব অৰ্থপিপাসু গোটটো হ’ল মটৰ গাড়ীৰ নিৰ্মাতাসকল। তেওঁলোকৰ খঁক হ’ল অতোষণীয় আৰু অন্তহীন, তেওঁলোকক লাগে মাথোঁ টকা আৰু টকা, তাৰ বাহিৰে আন কোনো কথালৈ ভ্ৰূক্ষেপ নাই। আৰু তেওঁলোকে আৱিষ্কাৰ কৰিছে মহানন্দে যে ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ ভিতৰত অসমতেই লুট কাৰ্য চলাই যোৱাটো আটাইতকৈ সহজ— মানুহবোৰ সহজে ঠগিব পাৰি, চৰকাৰক অতি সহজে ঘোচ খুৱাব পাৰি, ৰাজনৈতিক দলবোৰ উদাসীন, বাতৰি কাকতবোৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি নিস্পৃহ আৰু নীতিৰ কোনো বালাই যাৰ নাই, মাথোঁ বিজ্ঞাপন পাবলৈ ব্যগ্ৰ। চহৰত যান-বাহনৰ অসহনীয় বোজা জাপি দিয়াৰ ফলত যে নাগৰিক জীৱনৰ মান অতল গৰ্ভলৈ নামি গৈছে, সেই কথা যেন কাৰো গাতেই নালাগে, মটৰ গাড়ীৰ বহুজাতিক নিগমবোৰৰ কথাতো ক’বই নালাগে। তেওঁলোকৰ তীখা আছে আৰু কাৰখানা আছে,

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৬৯