পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু এনেদৰে পাৰ হ’ল আৰু এটি ভগ্নোৎসাহ দিন, মই নিজে সম্পূৰ্ণ বিপৰ্যস্ত আৰু একেবাৰে অসুখী, আৰু তাৰ পিছত আহিল সান্ধ্য-অভিযাত্ৰাৰ দুঃচিন্তা— গৃহিণীক লগত ল'লোঁ (বোলো তেওঁৰো অলপ স্ফূৰ্তি-তামাছা হওক)— নব্য ধনিকসকল তেতিয়া বাহিৰ হৈছে তেওঁলোকৰ ৰঙিয়াল নৈশ উদযাপনৰ বাবে, চিক্‌চিকীয়া গাড়ীবোৰ চুটাইছে দুৰ্দাম বেগত (ৰাস্তাৰ ষ্ট্ৰীট-লাইট থাকক বা নাথাকক), হে'ড্‌ লাইটবোৰ কেতিয়াও কমাই নিদিয়ে।(‘ডিম্‌’ নকৰে), ৰাস্তা ঠাঁহ খাই পৰিছে বহলে বহলে তিনিখনকৈ গাড়ীৰে, চাৰিখনকৈ গাড়ীৰে, তাৰ ফলত এটা দৈত্যাকাৰ যান-জঁটৰ সৃষ্টি হৈ সব গাড়ী ৰৈ গৈছে— মেজাজ চৰি গৈছে, তীক্ষ্ণ হৰ্ণে বাৰংবাৰ ক্ৰুদ্ধ ভেপু দিছে, শাওপাত আৰু গালি-গালাজ, আৰু এই বিশৃংখলাৰ মাজতে গাড়ীবোৰৰ ফাঁকে ফাঁকে হুচ্‌কৈ মটৰ চাইকেলেৰে একা-বেঁকা দুঃসাহসিক ঝম্প দি ওলাইছে-সোমাইছে যমক পৰোৱা নকৰা দুটামান ডেকা ল’ৰা। পিন্ধনত দামী জীন্‌ছ, চালিকাশক্তি হয়তো সুৰা (বা হয়তো তেওঁলোকৰ পুৰুষ-হৰ্মন্ টেষ্ট’ষ্টেৰন্— Testosterone য়েই যথেষ্ট) এই উদ্দাম মটৰ-বাইক নৃত্যৰ আগত যেন ‘বে’ন্‌ হুৰ্’ কথাছবিৰ বিখ্যাত ৰথ দৌৰো নিষ্প্ৰভ!— অৱশেষত যেতিয়া বিভিন্ন যান-জঁট অতিক্ৰম কৰি দীঘলীপাৰ ৰোডৰ ভাঁজটো ঘূৰিলোঁ (য’ত চিনে-বাফৰ সদস্যসকলে সন্ধিয়াৰ অনুষ্ঠানটো পাতিছে), তেতিয়া প্ৰায় ৬টা ৪৫, অৰ্থাৎ ইৰাণীয়ান ফিল্মখনৰ আধা পাৰ হৈ গৈছে, গতিকে আৰু কিছু গালি-শপনি পাৰি গাড়ী ঘূৰালোঁ— আৰু হয়, আমাৰ দুয়োৰে তেতিয়া ভোক লাগিছে (ফিল্মখনৰ পৰা নহয়, সেইখনতো চোৱাই নহ’ল, বৰং পৰাজয়ৰ বিফলতাখিনিৰ পৰা), গতিকে ওলালোঁ উড্‌ফিল্ড ৰেষ্টুৰেণ্টখনলৈ, তাতে বন্যভাৱে কিবা এটাত কামোৰ দি দি খংখিনি মাৰ নিয়াম— অৱশ্যে তাতো আহি পৰিল গাড়ী ৰখাৰ অৱশ্যম্ভাৱী সমস্যা— ওচৰৰে‘মেগামাৰ্ট’খনত দুটামান খালী ঠাই আছে, কিন্তু আমি তাত গাড়ী পাৰ্ক কৰিব নোৱাৰোঁ— কিন্তু দূৰ চালা গুলী মাৰ্, নিয়মবোৰতো বনোৱা হয় অমান্য কৰিবৰ বাবে, নহয় জানো—

৬৮ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা