পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰাই দিয়ে— অৱশেষত স্কুল বাছ— অ’, হয়, ৰাস্তাৰ সিপাৰৰ স্ন' হোৱাইট লণ্ড্ৰিখন মোৰ চকুত পৰিছে, সঁচা, মনত খেলাইছে যে মোৰ লণ্ড্ৰিখিনি বোধহয় নিব পৰা হৈছে, সেইটোও সঁচা, কিন্তু তেতিয়া ‘দেও দি’ ৰাস্তা পাৰ হোৱাৰ কোনো প্ৰশ্নই নাহে, কিয়নো শ শ যান-বাহন ঊৰ্দ্ধশ্বাস গতিত বাম্পাৰত বাম্পাৰ লগাই ধাবমান হোৱা দৃশ্যই মনলৈ আনি দিয়ে ভয়বিহ্বল শিহৰণ— আজিকালি ৰাস্তা পাৰ হোৱাটো যেন বৈতৰণী পাৰ হোৱাৰ দৰে কথা, অথবা গ্ৰীক পুৰাণৰ অন্ধকাৰ পাতাল নদী ষ্টিক্স (Styx)— মই সিদ্ধান্ত কৰি পেলালোঁ যে মোৰ লন্ড্ৰিখিনিতকৈ মোৰ প্ৰাণটো বেছি মূল্যবান। গতিকে তৎক্ষণাত সেই চিন্তা বাদ দিলোঁ— আৰু হয়, সিপাৰৰ ফুটপাথত উমাকান্তকো এবাৰ চকামকাকৈ দেখা পাইছিলো, কিন্তু তেওঁৰ চাৰিওপিনৰ পথচাৰীবোৰৰ মাজত তেওঁ নিমিষতে হেৰাই গ'ল, আৰু তেওঁ যদি মোৰ নাম ধৰি চিঞৰিছিলো সেইটো এই গণ্ডগোল আৰু হাই-উৰুমিৰ মাজত মই শুনা পোৱাটোও সম্ভৱ নাছিল, আৰু তেওঁও নিশ্চয় ইমান মৰ সাহসী নহয় যে ‘ৰাস্তা পাৰ হৈ আহি যাব’ (যেন ভাবিলেই পাৰিব!) ....আৰু মোৰ অন্যান্য গন্তব্য স্থানবোৰতো ৰূপায়িত হ’ল একেই ধৰণৰ চিত্ৰনাট্য— বিমানৰ ঘৰৰ সমুখ ছানি ধৰিছে গাড়ী আৰু দুচকীয়া যানে, গতিকে বাধ্য হৈ এক কিলোমিটাৰমান আগুৱাই যাব লগাত পৰিলোঁ গাড়ী ৰাখিব পৰা ঠাই এটুকুৰা পাবলৈ, বুজিলোঁ যে এতিয়া ইয়াৰ পৰা খোজকাঢ়ি বিমানৰ ঘৰলৈ গৈ কথা পাতি বা চাহ খাই একো আনন্দ নাপাম, গতিকে মোৰ ম'বাইল ফোনটো বাহিৰ কৰি লৈ বিমানক ক'লো যে বিধাতাই কৰিলে আমাৰ দেখা-দেখি নিশ্চয় হ’ব, হয়তো গহীন মাজনিশা বা কোনোবা অসম বন্ধৰ মাজত, কোনে জানে... ফাৰ্মাচী আৰু নাৰ্ছিং হোমতো প্ৰায় তেনেকুৱাই অৱস্থা, কিন্তু অৱশ্যেই, সৰলা পেহীক দেখা নকৰিলেও নহ’ব, গতিকে নাৰ্ছিং হোমৰ গে'টৰ পৰা বহু আলোকবৰ্ষ দূৰত গাড়ীখন পাৰ্ক কৰি থৈ ঠাহ খোৱা গাড়ী আৰু উদ্বিগ্ন আগন্তুকসকলৰ ভিৰৰ মাজে মাজে কোঁচ-মোচ খাই খাই গৈ পেহীৰ ৱাৰ্ডটোত সোমালোঁ....

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৬৭