পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰিৰ হাড় ভাঙিছে)। ক'লোঁ, ‘হ’ব দিয়া, চেষ্টা কৰি চাম’। তাৰ পিছত স্কুল-বাছষ্টপ্—বাছখন ঠিক সময়মতে আহিছে (আনদিনৰ দৰেই), ল’ৰা-ছোৱালী দুটিক বাছত তুলি দি সিহঁতৰ আসনত বহি লোৱা চালোঁ, বাছ এৰি দিলে, তাৰ পিছত মোৰ গাড়ীত সোমালোঁ। তেনেতে চকুত পৰিল ৰাস্তাৰ সিপাৰৰ ‘স্ন’ হোৱাইট লণ্ড্ৰি'ৰ ছাইনব'ৰ্ডখন— অ’, হয়তো, মোৰ লণ্ড্ৰিখিনি আনিব লগা হৈ আছে— গতিকে দেও দি দি ৰাস্তা পাৰ হ'লোঁ, লণ্ড্ৰিৰ বেগটো হাতত লৈ আকৌ পট্‌কৈ ইপাৰলৈ আহিলোঁ, গাড়ীত উঠিলোঁ, এনেতে শুনিলোঁ কোনোবাই মোৰ নাম ধৰি চিঞৰিছে— ঘূৰি চালোঁ, স্ন’ হোৱাইটৰ ফলকখনৰ তলত উমাকান্ত, এজন পুৰণি সহকৰ্মী, হাত দাঙি মোক ৰ’বলৈ সংকেত দিছে। উমাকান্ত খৰধৰকৈ ৰাস্তা পাৰ হৈ মোৰ ওচৰলৈ আহিল— ভাল খবৰ আছে, তেওঁৰ ছোৱালীজনীৰ বাবে অৱশেষত এটি উপযুক্ত পাত্ৰ পোৱা গৈছে ( গৰ্‌গৰ্‌কৈ কেইটামান খুটি-নাটি আওৰাই দিলে )। ক’লে যে ঘৈণীয়েকক লগত লৈ দুই-চাৰি দিনতে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাবলৈ আহিব………তাৰ পিছত বিমানৰ ঘৰ, সমুখত গাড়ীখন পাৰ্ক কৰি থৈ ভিতৰ সোমালোঁ, ঘড়ী চালোঁ... বিমানৰ পাছত নাৰ্ছিং হোম, ফাৰ্মাচী, ইত্যাদি ইত্যাদি... দুপৰীয়াৰ আহাৰৰ বাবে ঘৰলৈ... সন্ধিয়া শ্ৰীমতীৰ লগত সান্ধ্য-চফৰ— ছিনে-বাফ্ সমিতিৰ ব্যগ্ৰ, উৎসাহী সদস্যসকল— ইৰাণীয়ান কথাছবি, সঁচাকৈয়ে অপূৰ্ব— চাওঁতে চাওঁতে নটা বাজিবৰ হ’ল, শ্ৰীমতীয়ে ক'লে যে তেওঁৰ ভোক লাগিছে, সেই যে খ্ৰীষ্টানপাৰাৰ নিৰামিষ দোকানখন, উড্‌ফিল্ড, প্লেইছ, তাত এটা ডোছা বা এটা কাট্‌লেট খাই ল’লে কেনে হয়— মই ক’লোঁ, ‘অ’, মোকো ভোকে পাইছে, বোধহয় ভাল চিনেমা চালে ভাল ভোক আহে’—গতিকে উড্‌ফিল্ডৰ সমুখত গাড়ীখন পাৰ্ক কৰি থৈ ভিতৰ সোমালোঁ, অনুজ্জ্বলভাৱে আলোকিত বাতানুকূল অভ্যন্তৰ— ডোছাটোও বেছ ভাল— তাৰ পিছত ঘৰমুৱা, ওখ ওখ লাইটবোৰৰ তলত পৰিষ্কাৰ, মুকলি ৰাস্তা ঝক্‌ঝক্ কৰিছে, উত্তৰ পিনৰ পৰা পাতল বতাহ বলিছে, গতিকে গাড়ীৰ এ.চিটো বন্ধ কৰি দি খিৰিকীৰ কাঁচবোৰ নমাই দিলোঁ, জুবিন গাৰ্গৰ

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৬৫