পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থাকিলে কোনোদিনে তাৰ প্ৰতিকাৰ নঘটে। আৰু আমাৰ মনোবল? আমাৰ বিশেষকৈ ছাত্ৰৰ নৈতিক আৰু দৈহিক সাহস এতিয়া কোন বিন্দুত?সকলোৱে এই অৰ্থহীন ‘বন্ধ' আৰু ‘নিষ্প্ৰদীপ' বেয়া পায়, কিন্তু আমি কোনেও প্ৰতিবাদ কৰিবৰ সাহস নাৰাখো, কিজানি আমাক উঠি অহা ফেচিষ্ট ল’ৰাবোৰে (যাৰ মতে অসমৰ বিষয়ে অকল আছুৱেহে চিন্তা কৰিব পাৰিব বা কথা ক'ব পাৰিব, অন্য কোনেও তাৰ কোনোৰকম সমালোচনা বা বিৰোধিতা কৰিব নোৱাৰিব) ধৰি পিটে বা অপমান কৰে। এটা ‘বন্ধ’ পাতি দোকান-হাট সকলো বন্ধ কৰি দিয়াৰ মানে এইটো নহয় যে ৰাইজে সেই বন্ধ সমৰ্থন কৰিছে— আমি অধিকাংশই বেয়া পালেও ভয়তে বা অপ্ৰীতিকৰ পৰিস্থিতি এৰাবৰ বাবেই তাৰ বিৰোধিতা নকৰো— ‘বন্ধ’ৰ দিনত বাংলাদেশী আৰু বাংলাদেশী সমৰ্থকৰ দোকান-পোহাৰো বন্ধ থাকে, তাৰ মানে কি তেওঁলোকে আছুৰ ‘বন্ধ’ সমৰ্থন কৰিছে?

 আমি বাৰে বাৰে কৈছোঁ যে আমি এনেকুৱা কাৰ্যসূচীৰহে সমৰ্থক, যাৰ পৰা কাম হয়। আমি কচৰৎ বা চাৰ্কাছৰ কাৰ্যসূচীত বিশ্বাস নকৰোঁ। বিনা বাক্য ব্যয়ে আছু বা গ.স পৰিষদে খেয়ালখুচি মতে ঘোষণা কৰি যোৱা ‘কাৰ্যসূচী’বোৰ মানি নলৈ পুনৰ বিবেচনা কৰাৰ সময় আহিছে। এইবোৰৰ ফলত কপটতা আৰু সুবিধাবাদ ভয়াল গতিত বাঢ়ি গৈছে— বিশেষকৈ ছাত্ৰৰ মাজত। গতিকে আমি ৰাইজক অনুৰোধ জনাওঁ যে তেওঁলোকে যেন ১১ তাৰিখে (বা তাৰ পাছতো) কোনো নিষ্প্ৰদীপ কাৰ্যসূচীত সহাঁৰি নিদিয়ে। ৰাইজে বৰং প্ৰশ্ন তোলকঃ কিয় আমি নিষ্প্ৰদীপ কৰি জুলুমত ভুগিম? তাৰ পৰা আমাৰ কি লাভ হ’ব?আজিলৈকে কি লাভ হৈছে? ইতি—

 ৯.১১.৮৩

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৬৩