পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰিত্বৰ শপত ল’লেও আমি ঘৰে ঘৰে লাইট নুমুৱাই জুপুকা মাৰি থাকোঁ, কিন্তু ইন্দিৰা গান্ধী বা আনোৱাৰা টাইমূৰক অন্ধকাৰত পেলোৱাৰ শক্তি আমাৰ নাই। নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা’ৰ এই কাৰ্যসূচীৰ পৰা আমাৰ কি লাভ হৈছে ছা.স. বা গ.স. পৰিষদে কওক। ‘এইটো আমাৰ প্ৰতিবাদ’ বুলি ক'লে আমি নামানোঁ — এই প্ৰতিবাদ কোনে গ্ৰাহ্য কৰে? নিজৰ ক্ষতি আৰু জুলুমৰ বাহিৰে ইয়াৰ পৰা কি লাভ হয়। আমি বাৰে বাৰে কৈ আহিছোঁ যে ঘৰত কেঁচুৱা থাকিব পাৰে, বেমাৰী থাকিব পাৰে, অথবা মানুহ থাকিব পাৰে। জৰুৰী কাম থাকিব পাৰে— ঘৰ-দুৱাৰ ঘিটমিটীয়া আন্ধাৰ কৰি বহি থাকিলে কি পৰিস্থিতি হয় ‘আন্দোলন'ৰ নেতাসকলে নাজানেনে? তাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ প্ৰভাৱিত হ’ব? আমাৰ মনোবল উন্নীত হ'ব? নহয়, তাৰ ওলোটাবোৰ হ’ব। কাৰবাৰ ঘৰত কিবা জৰুৰী প্ৰয়োজনত অকণমান পোহৰ ওলালেই উদণ্ড আছু সমৰ্থকসকলে শিল দলিয়ায়, অভদ্ৰামি কৰে, চিঞৰে— যেন তাৰ ফলত বিদেশী নাগৰিক বহিষ্কৃত হৈ যাব!

 আচলতে, বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ শক্তি আছু বা গ.স. পৰিষদৰ নাই, কেন্দ্ৰীয় চৰকাৰৰো সেই কাম কৰাৰ বিন্দুমাত্ৰও ইচ্ছা নাই— যিটো কথা আমি বাৰম্বাৰ কৈছোঁ, আৰু আমাৰ যিবোৰ কথা সদায় সত্য প্ৰমাণিত হৈ আহিছে। যিটো কথা আছুৱেও কৈছে, গতিকে “প্ৰতিবাদ” কৰাৰ অৰ্থ কি? ‘আছু’ এতিয়া এটা ফেচিষ্ট মনোবৃত্তিৰ সংগঠন, বহুধা বিভক্ত, আৰু আমি স্থানান্তৰত পৰামৰ্শ আগবঢ়াইছোঁ যে বৰ্তমানৰ আছু আৰু গ.স. পৰিষদ ভাঙি নিদিলে অসমৰ চৰম সৰ্বনাশ আৰু বন্ধানীকৰণ অনিবাৰ্য। এই দুটা অনুষ্ঠানৰ আত্মম্ভৰিতা আৰু নিৰ্বোধ কাৰ্যসূচীৰ ফলত অসমত কোনোদিনে নোহোৱা-নোপোজা সাম্প্ৰদায়িক সংঘৰ্ষ ঘটি অসমত তেজৰ নৈ বৈ গ'ল। আৰু ব্যাপক অবিশ্বাস আৰু বিদ্বেষেৰে বিভিন্ন থলুৱা জনগোষ্ঠীৰ মাজত বৈৰীভাব সিঁচি দিয়া হ'ল— এই অকল্যাণৰ বাবে কোন দায়ী, ৰাইজে বিবেচনা কৰি চাওক। অকল চৰকাৰক দোষ দি

৬২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা