পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিষ্প্ৰদীপ নকৰিবলৈ গোহাঁৰি

 সম্পাদক,
 দৈনিক অসম, গুৱাহাটী

 ‘আছু' আৰু গ.স. পৰিষদে পুনৰ ‘নিষ্প্ৰদীপ’ পালনৰ আহ্বান দিছে অহা ১১ নৱেম্বৰ তাৰিখে। “বিদেশী নাগৰিকৰ প্ৰশ্নটো সমাধান কৰাত কেন্দ্ৰই পলম কৰাৰ প্ৰতিবাদ”ত এই “কাৰ্যসূচী” লোৱা হৈছে সিদিনা অসমত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীক দেখুৱাবৰ কাৰণে। আমি এই ধৰণৰ নিষ্প্ৰদীপ কাৰ্যসূচীৰ সদায় বিৰোধিতা কৰি আহিছোঁ, কিয়নো এইটো একেবাৰেই নিস্ফল, নিৰ্বোধ আৰু কাপুৰুষোচিত এটা কাৰ্য। প্ৰধানমন্ত্ৰীক কিবা ক'ব লগা থাকিলে সমুখাসমুখিকৈ ক'বৰ সাহস থাকিব লাগে, লাইট নুমুৱাই আন্ধাৰত বহি থাকিব নালাগে। আৰু ইন্দিৰা গান্ধী য’লৈ য’লৈ যাব তাত নিষ্প্ৰদীপ কৰাৰ সাধ্য আছু বা গ.স. পৰিষদৰ নাই, আৰু অসমৰ মানুহ ঘৰ-দুৱাৰ আন্ধাৰ কৰি জুপুকা মাৰি সোমাই থকাটো কিবাকৈ দেখিলেও ইন্দিৰা গান্ধীৰ বা কেন্দ্ৰীয় চৰকাৰৰ ‘এইটো কি নপুংসকৰ কাৰ্য’ বুলি তাচ্ছিল্য কৰাৰ বাহিৰে আন একো প্ৰতিক্ৰিয়া নহয়। এইটো আমি বাৰে বাৰে দেখি আহিছোঁ। ইন্দিৰা গান্ধী শ্বিলঙত থাকিলেও আমি গুৱাহাটীত ঘৰ-দুৱাৰ আন্ধাৰ কৰি বহি থাকোঁ, আনোৱাৰা টাইমূৰে দিছপুৰত

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৬১