পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইবোৰ নিস্ফল কাৰ্যপন্থা আৰু দমন-দুৰ্গতিৰ মাজলৈ ৰাইজক ঠেলি নিদি তেওঁলোকেই হাতত লোৱা গঠনমূলক কাৰ্যাৱলীৰে আন্দোলন চলাই নিয়ক। যেনেকৈ (আশু প্ৰয়োজনীয়ৰ ভিতৰত) (ক) অসমীয়াবিৰোধী বাংলাদেশী দোকান-পোহাৰ বৰ্জন (নিতান্ত এৰাব-নোৱৰা অৱস্থাত বাদে) (খ) বাংলাদেশী বনুৱাক (ঘৰৰ কামত, খেতিৰ মাটিত, দিন হাজিৰা আদিও বৰ্জন (গ) বিদেশীক মাটি বিক্ৰী কৰা/বন্ধ/বিদেশীৰ হাতলৈ যোৱা মাটি যথাসম্ভৱ পুনৰুদ্ধাৰ (ঘ) অসমবিৰোধী কাকত আলোচনী বৰ্জন, ইত্যাদি। (এইবোৰ লীজ দিয়া আমি প্ৰস্তাৱ কৰা নতুন কথা নহয়, আন্দোলনৰ সময়ৰ সৰ্বজন স্বীকৃত পৰামৰ্শ)। অন্ততঃ এইখিনি কৰিব পাৰিলেই ছয় মাহৰ ভিতৰত আমি দেখিম যে বুজন পৰিমাণৰ বিদেশী কমি গৈছে— আৰু ৰাইজে এইবোৰ কৰিব, যদি ছাত্ৰ সন্থা আৰু গ.স. পৰিষদে ৰাইজে আহ্বান দিয়ে, কিয়নো তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা এতিয়াও অটুট আছে।

 নতুন কৌশল। আমাৰ পিনৰ পৰা আমি ক’ব খোজো যে আমি অকল এনেকুৱা কাৰ্যপন্থাতহে বিশ্বাসী যাৰে কাম হয় আৰু যাৰ দ্বাৰা আমাৰ মনোবল উন্নীত হয়, আৰু সেয়ে আমি সত্যাগ্ৰহ, বন্ধ, অনশন আদিৰ বিৰোধিতা কৰোঁ। সেয়ে আমি প্ৰস্তাৱিত ১৯ নৱেম্বৰৰ বন্ধতো সহযোগিতা নকৰোঁ আৰু ৰাইজৰ ওচৰত অনুৰোধ জনাওঁ, তেওঁলোকেও যেন এই বন্ধত সহযোগ নকৰে, বৰং তেওঁলোকে ছাত্ৰ সন্থাক আৰু গ.স.পক প্ৰকৃত ফলপ্ৰসূ কাৰ্যপন্থী ল’বলৈহে যেন বাধ্য কৰে। বাংলাদেশীৰ অভিযান এটা নিঃশব্দ অভিযান, আমাৰ নিস্ফল চিঞৰ-বাখৰৰ মাজত বাংলাদেশীয়ে অসমত নিজৰ সংখ্যা বঢ়াই গৈ আছে, আৰু তাৰ প্ৰতি-অভিযানো হ’ব লাগিব নিঃশব্দ।

৬০ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা