পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেলেগ— বস্তুতঃ, ভাৰতবৰ্ষৰ কোনো অংশৰ লগত কোনো অংশৰ মানুহৰ মিল নাই, ভাৰতবৰ্ষ কোনোদিনে একজাতি একৰাজ্য নাছিল ( এক জাতি হ’লে কি মাত্ৰ ৫০,০০০ ইংৰাজ সৈন্যই চল্লিশ কোটি ভাৰতীয়ক দবাই ৰাখিব পাৰিলেহেঁতেন? ), ইংৰাজে শাসনৰ সুবিধাৰ বাবে জোৰ-জবৰদস্তি পাঞ্জাৱী আৰু বঙালী, অসমীয়া আৰু সিন্ধি, তামিল আৰু বিহাৰী একেলগে সাঙুৰি তাক “ভাৰতবৰ্ষ”নাম দিছে, থৰক্‌বৰক্‌কৈ সেই ভাৰতীয় যুক্তৰাজ্য’ কোনোমতে বৰ্তি আছে, বেছিদিন নাই এই কৃত্ৰিম আৰু ৰাহি-জোৰা-নহা যুক্তৰাজ্য খণ্ড-বিখণ্ড হৈ যাব। অসমৰ ক্ষেত্ৰত এই অমিল অধিকতৰ প্ৰকট— কেইটামান ইতস্তুতঃ উদাহৰণ যদি লওঁ, ভাৰতবৰ্ষৰ অন্যান্য অংশৰ বিভীষিকা পণ-প্ৰথা আমাৰ সমাজত নাই, ইয়াত সতীদাহ আৰু নৰবলিৰ ‘ঐতিহ্য’ নাই, আমি হৰিজন দেখিলে জুই লগাই নিদিওঁ, অন্যান্য অংশত দৈনন্দিন কলংকৰ হেডলাইন সৃষ্টি কৰা “কইনা-নিধন” আমাৰ ইয়াত নাই, ইয়াৰ দৰে হিন্দু-মুছলমানৰ সহজ সহ-অৱস্থিতি ভাৰতৰ আন কোনো ৰাজ্যত নাই (যদিও অৱশ্যে যোৱা ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ দুৰ্যোগত ন্যস্তস্বাৰ্থই অসমতো কোনোদিনে নঘটা সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ সমৰ্থ হৈছিল, কিন্তু সেইটো সম্ভৱ হৈছিল বহু টকা-পইচা ঢালি বহু চক্ৰান্তৰ যোগে, এটা আচৰিত ঘটনা নহয়)। সহনশীলতা আৰু নম্ৰতাৰ এটা সহজ, সাৱলীল পৰম্পৰা আমাৰ সৰু সুঁতিটোৰে প্ৰবাহিত হৈছে—হয়তো ইয়াৰ কাৰণ শংকৰদেৱৰ ঐতিহ্য, হয়তো ইয়াৰ কাৰণ আমাৰ জলবায়ু আৰু ‘ইক’লজী’— আৰু যেতিয়া ভাৰতীয় শাসকসকলে আমাক কয় যে আমি “ভাৰতীয় ঘাই সুঁতি”ৰ লগত মিলি যাব লাগে, তেতিয়া আমি আহ্বান মাত্ৰ, কিয়নো আমি “ভাৰতীয়’ হৈ থাকিলে ভাৰতীয় শাসক আৰু শোষকগোষ্ঠীৰ আধিপত্য বাহাল ৰখাৰ চিৰস্থায়ী সুবিধা ( আমাৰ সকলো সা-সম্পদ লুট, আমাৰ সকলো অধিকাৰ খৰ্ব )। আমাৰ সৰু সুঁতিৰ পাৰে পাৰেই আমাৰ জীৱনধাৰা আৰু আমাৰ সংস্কৃতিৰ বিকাশ, আমাৰ সুঁতি সৰু কিন্তু পৰিষ্কাৰ আৰু প্ৰাণদায়িনী, ভাৰতীয় ঘাইসুঁতিৰ

৪৮ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা