পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথালৈ পৰোৱা নকৰো”। এই মনোবৃত্তি অসমীয়া মানুহৰে জাতিগত দোষ, যাৰ ফলত আমাৰ পৰা ছিঙি গৈছে মেঘালয় আৰু মিজোৰাম, সম্ভৱ হৈছে নগালেণ্ড আৰু অৰুণাচল, আৰু আন্দোলনৰ ফাঁকে ফাঁকে গা কৰি উঠিছে উদয়াচল আৰু সুকীয়া কাৰ্বি আংলঙৰ দাবী। আন্দোলনৰ সহাবোৰো আজি বহুধা-বিভক্ত ৰাজনৈতিক অধিকাৰ ঘূৰাই পাবলৈ এটাই ৰাস্তা আছে : স্বাধীন হোৱা। আমি বাৰম্বাৰ কৈ আহিছোঁ— আৰু আনকি আন্দোলনৰ নেতাসকলেও ক’বলৈ বাধ্য হৈছে— যে ভাৰত চৰকাৰে কেতিয়াও অসমৰ পৰা বিদেশী বাহিৰ কৰি নিদিয়ে, বৰং আৰু বেছিকৈহে আনি ভৰাই থাকিব। ( কিয়, সেই কথাও কাকতে-পত্ৰে আৰু সভাই-সমিতিয়ে বহুলভাৱে বিশ্লেষিত হৈছে, আমি ইয়াত সেই আলোচনালৈ নাযাওঁ )। কামটো আমি নিজে কৰিব লাগিব। তাৰ বাহিৰে অন্য উপায় নাই। আমাৰ কোনো দাবী, কোনো কথাই কেন্দ্ৰৰ শাসকগোষ্ঠীয়ে গ্ৰাহ্য নকৰে, এনেকি দুদিন পাছত আমাৰ লুইতৰ পানীখিনিও নি গংগাত পেলাই অসমৰ আকাশ-মাটি শুষ্ক, কৰ্কৰ্শ কৰি পেলাব। কিন্তু আমি দুৰ্বলতাৰ স্থিতিৰ পৰা একোকে কৰিব নোৱাৰোঁ, কৰিব লাগিব সবলতাৰ স্থিতিৰ পৰা; বল-বিক্ৰমৰ ভংগীমা এটা দিব পাৰিলেহে সেই কাম হ’ব : ধনবল, জনবল, বাহুবল আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ : মনোবল। আমাৰ থাকিব লাগিব নিজৰ অৰ্থনৈতিক প্ৰতাপ আৰু ৰাজনৈতিক বিক্ৰম— সংক্ষেপে আমি স্বাধীন হ’ব লাগিব। অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতা অবিহনে বিদেশীৰ শোষণ, বিদেশীৰ অত্যাচাৰ আৰু বিদেশীৰ অনুপ্ৰৱেশ বন্ধ কৰা অসম্ভৱ।

 ইয়াত ‘স্বাধীন’ মানে আমি বুজাইছো ভাৰতৰ পৰা স্বাধীন। ইয়াৰ বাবে আমাক ‘বিচ্ছিন্নতাবাদী’, ‘দেশদ্ৰোহী’ আদি আখ্যা দিয়া হ’ব, কিন্তু কুচ পৰোৱা নাই, আমি আমাক ‘মুক্তিকামী’ বুলি ক’ম। পণ্ডিতসকলে এইটো পৰিষ্কাৰকৈ দেখুৱাইছে যে অসম আৰু ভাৰতৰ পূৰ্বাঞ্চলৰ মানুহ ভাৰতৰ অন্যান্য জনসমষ্টিৰ পৰা সাংস্কৃতিক আৰু গোষ্ঠীগতভাৱে সম্পূৰ্ণ

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ৪৭