পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গান্ধী তথা গান্ধীবাদৰ কপটতা উপলব্ধি কৰিব পাৰিব। ( এটা মাত্ৰ উদাহৰণ যদি লওঁ, শেহতীয়া তেনে এক ব্যক্তি হ’ল গান্ধী শান্তি প্ৰতিষ্ঠান [ Gandhi Peace Foundation ]ৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু “গান্ধী মাৰ্গ” আলোচনীৰ সম্পাদক টি. কে. মহাদেৱন— শ্ৰীমহাদেৱনে ২/১০/৮৩ তাৰিখৰ “ইলাষ্ট্ৰেটেড উইলি অফ ইণ্ডিয়া’”ত লিখিছেঃ….... . মোহনদাস কৰমচাঁদ গান্ধীয়ে আমালৈ এৰি যোৱা বিশৃংখল লাম-লাকটুৰ বিপজ্জনক উচ্ছিষ্ট .... হয় আমি নিজকে এই পৰম্পৰা ( উত্তৰাধিকাৰীকাৰ )ৰ পৰা বিচ্ছিন্ন কৰাৰ নৈতিক সাহস গোটাম আৰু স্বাধীনচিতীয়া হ’ম (‘নিজৰ ভৰিত থিয় দিম’), নহয় আমি মহাত্মাই বৰ্ষণ কৰি যোৱা চৰ্বিত-চৰ্বনকে পাগুলি পাগুলি পদ্মাসনত আৰাম কৰি বহি থাকিম.... গান্ধীয়ে দেশ- বিভাজন প্ৰতিহত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ আঙুলি এটাও নাডাঙিলে..... গান্ধীৰ চোৰ-চুচুক (furtive) ব্যক্তিত্ব আৰু জাতিৰ বাবে তাৰ সৰ্বনাশী পৰিনাম...... তেওঁৰ জীৱন আৰু কীৰ্তি সামগ্ৰিকভাৱে চালে আমি ক’ব নোৱাৰোঁ যে তেওঁ এজন ‘ধাৰ্মিক’ ব্যক্তি আছিল.... ( তেওঁৰ ) আহিংসাৰ অন্ধ বাত্তিক..…...”, ইত্যাদি। একেটা প্ৰবন্ধতে কে. এম. মুন্সীয়ে গান্ধীলৈ লিখা চিঠি এখনৰ এটুকুৰা উদ্ধৃত হৈছেঃ “আপুনি কৈছে .….. যে ‘কংগ্ৰেছীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহিংস প্ৰতিৰোধৰ প্ৰশিক্ষণ দিয়া কোনো আখৰাত যোগ দিব নাপায়।’ ক্ষমা কৰিব, যদি মই এইবোৰ নিষেধাজ্ঞা মানি ল’ব নোৱাৰোঁ। হিংসাৰ সংঘবদ্ধ প্ৰতিৰোধ দিবলৈ সকলো সম্ভৱপৰ উপায় প্ৰচাৰ কৰিবলৈ, অনুষ্ঠিত কৰিবলৈ, সংগঠন কৰিবলৈ আৰু সমৰ্থন কৰিবলৈ মই নাৰাজ বুলি কথা দিব পাৰোঁ” )। গান্ধী চৰিত্ৰ খোচৰাৰ আমাৰ কোনো আগ্ৰহ নাই ( আমাৰ ৰুচি বেলেগ ), কিন্তু আমি গান্ধী-প্ৰসংগ এৰাই যাব পৰা নাই, কিয়নো আজিৰ এই গান্ধী আচ্ছন্নতা অসমৰ বাবে বিপজ্জনক আৰু ক্ষতিকৰ, যাৰ প্ৰমাণ ঘটনাৱলীয়ে প্ৰতিদিন দেখুৱাই আছে। আমাৰ বোধেৰে, অহিংস আন্দোলন বুলি এটা বস্তু হ’ব নোৱাৰে, কিয়নো উভয়পক্ষ অহিংস থাকিব নোৱাৰে যিহেতু মানৱ জাতিৰ

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ৪৫