পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিয়ে; এই তথাকথিত বিপ্লৱীসকলৰ জনসাধাৰণৰ লক্ষ্য কোনো খোপনি নাই— এই ল'ৰাবোৰে কাছিন নে ক'ৰবাত মানুহ মাৰিবলৈ শিকি আহিছে আৰু কেইটামান বন্দুক, পিষ্টল যোগাৰ কৰি য'তে যাকে পাইছে কথাই-অকথাই গুলীয়াই ফুৰিছে, সেয়েই বিপ্লৱ, সেইটো কৰিলেই অসম স্বাধীন হৈ যাব। এইবোৰৰ বীৰত্ব সমুখ সমৰ বা জনজাগৰণৰ নেতৃত্ব নহয়, এইবোৰৰ বীৰত্ব হ’ল গাঁৱৰ ছোৱালীক ধৰ্ষিতা হ’বলৈ এৰি দি পলাই আহি লক্ষীপথাৰ আদি ঠাইত নিৰ্জু লোকৰ গণ কবৰ। এই ভণ্ড, কাপুৰুষ অনুষ্ঠানবোৰে অসমৰ কোনো মংগল কৰিব নোৱাৰে ( আৰু নোখোজে ), নকৰে। যেনে— আছুৱে আজিলৈকে কোনো এটা ধনাত্মক কাম কৰা নাই ( কিন্তু কৰা যেন দেখিলেও এই প্ৰসংগতে সবিনয়ে ক’বলৈ বাধ্য হৈছোঁ যে আমি কিছুমান ক্ষেত্ৰত কৰিবৰ চেষ্টা কৰিছোঁ, যিবোৰ ক্ষেত্ৰতে ছাত্ৰসকলৰ অসৎ মনোবৃত্তি দেখি স্তম্ভিত হৈছোঁ— সেইবোৰ বিতং তথ্য কেতিয়াবা সূচাৰুভাৱে বিবৃত কৰা হ’ব )। আমাৰ বক্তব্য এয়ে যে তোমালোক যদি ছাত্ৰ সন্থা, তেন্তে ছাত্ৰ হোৱা, পঢ়া-শুনা কৰা, অনুশীলন কৰা, অইন ইচ্ছুক ল’ৰা-ছোৱালীকো পঢ়া-শুনা কৰিবলৈ দিয়া। পঢ়া-শুনা নকৰি তোমালোকে দেশৰ আৰু দহৰ কোনো ভাল কৰিব নোৱৰা ( হয়তো কিছু পাৰিলাহেঁতেন, যদি তোমালোকৰ আন্তৰিকতা বা সততা বুলি কিবা থাকিলহেঁতেন )— যেনে-অসমীয়া মানুহে বিদেশীক মাটি বিক্ৰী কৰাটো তোমালোকে ইচ্ছা ( তীব্ৰ মাৰ্কিন বোমাবৰ্ষণৰ মাজে মাজেও ভিয়েটনামৰ পঢ়াশালিবোৰ চলি আছিল ) কৰিলে বন্ধ কৰিব পাৰিলাহেঁতেন ( আলফায়োও পাৰে ) আৰু এই আহ্বান আমি বহুবাৰ দিছোঁ— আৰু ইচ্ছা থাকিলে এতিয়াও পাৰা। ভোটাৰ তালিকাখন বিদেশীমুক্ত হ’লনে নাই সেইটো তোমালোকে ইচ্ছা কৰিলে থলে থলে উপস্থিত থাকি নিশ্চিত কৰিব পাৰিলাহেঁতেন— কিন্তু তোমালোকৰ সেই আগ্ৰহ নাই ( পাঞ্জাৱৰ ছাত্ৰসকল কিন্তু চৰকাৰী দলৰ লগত প্ৰতিখন গাঁৱলৈ গৈ নিশ্চিত কৰিছে কিমান হিন্দু আছে )। আছুৱে ছাত্ৰ-ছাত্ৰীৰ, অসমৰ, অসমীয়াৰ কি মংগল

৪০ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা