পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰ দালালবোৰে অহৰহ আমাক বুজাই আছে যে অসম স্বাধীন হোৱাটো অসম্ভৱ, ভাৰতবৰ্ষৰ বাহিৰত থকাটো এটা আকাশকুসুম। কিন্তু অসমীয়া কোনোদিনে ভাৰতীয় নাছিল আৰু অসমীয়া কোনোদিনে ভাৰতীয় হ’বও নোৱাৰে। (বস্তুতঃ, ভাৰতীয় বুলি কোনো ঐক্যবদ্ধ জাতি নাই, এইটো ইংৰাজে প্ৰশাসনিক সুবিধাৰ বাবে কৰি লোৱা কৃত্ৰিম গোট, যিটো আজিৰ কেন্দ্ৰীয় চৰকাৰে শাসন আৰু শোষণ চলাই ৰাখিবৰ সুবিধাৰ বাবে চালু ৰাখিবৰ চেষ্টা কৰি থাকে)।

 যিহওক, ঘাই প্ৰসংগলৈ উভতি আহি আমি ক'ব খোজো যে আপোনাৰ লগত আমিও একমত যে পণবন্ধী কেইজনক হত্যা কৰিলে আলফা “অসমৰ জনসাধাৰণৰ অপ্ৰিয় হ’ব আৰু যিকোনো ধৰণৰ সহানুভূতিও ই হেৰুৱাব লগা হ'ব।” আৰু যদি তাৰ ফলত অসমত ৰাষ্ট্ৰপতিৰ তথাকথিত “শাসন” প্ৰৱৰ্তিত হয় তেন্তে “জনসাধাৰণ আলফাৰ বিৰুদ্ধে যোৱাৰ সম্ভাৱনাই বেছি।” অসমত বদমাচ মন্ত্ৰী, ভেটিখোৱা বিষয়া, চোৰাং কাৰবাৰী, অসমদ্ৰোহী বিধায়ক, ঔষধ আৰু খাদ্য ভেজালকাৰী আদি ব্যক্তিৰ অভাৱ নাই— নিৰপৰাধী ব্যক্তিৰ ঠাইত সেইবোৰৰ কোনোবা এজনক অপহৰণ কৰি শাস্তি দিলে আলফাই বিপুল জনসমৰ্থন পাব— তেওঁলোকে সেইটো নকৰে কিয়? (শোধনাগাৰ কৰ্মীৰ পৰা আমি শুনামতে শ্ৰীদাস এজন নিৰ্ভেজাল আৰু সৎ ব্যক্তি, তেওঁ অসমদ্ৰোহীও নহয়, তেওঁ এজন বিষয়া মাত্ৰ, আৰুছাত্ৰ সন্থাই দাবী কৰা কামবোৰৰ ভিতৰত তেওঁৰ সাধ্যত থকাখিনি তেওঁ কৰিছে)।

 আলফাৰ দৰে যদিও আমিও স্বাধীন অসমৰ প্ৰয়াসী, আমাৰ বোধেৰে ভাৰতীয় সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ বা গেৰিলা যুদ্ধেৰে দেশ স্বাধীন কৰাৰ সময় বা মানসিকতা আমাৰ এতিয়াও অহা নাই, আলফাৰ কোনো ব্যাপক তৃণমূল সংগঠন বা সমৰ্থক নাই, আৰু স্বাধীনতাৰ অদম্য ইচ্ছা বা তাৰ সম্ভাৱনা জনসাধাৰণৰ মনত এতিয়ালৈকে সঞ্চাৰিত হোৱা নাই। আমাৰ বোধেৰে, অসমৰ স্বাধীনতাৰ অন্যতম দুই ঘাই খুটি

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ৩৫