পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাৰ্বভৌম হোৱাৰ পক্ষপাতী, কিন্তু ‘ৰাজদ্ৰোহ’ৰ অপৰাধত পৰাৰ ভয়ত প্ৰকাশ্যে সেই কথা প্ৰচাৰ কৰিব নোৱাৰে। আমি নিজে সদায় দাবী কৰি আহিছোঁ যে দুখন বিদেশী ৰাষ্ট্ৰ বৃটেইন আৰু ব্ৰহ্মদেশৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তিৰ ফলত তৃতীয় ৰাজ্য অসম বৃটেইনৰ তললৈ যাব নোৱাৰে, আৰু ইংৰাজ যোৱাৰ লগে লগে যেনেকৈ ব্ৰহ্মদেশ, সিংহল (শ্ৰীলংকা) আদি স্বাধীন হ’ল তেনেদৰে অসমো স্বাধীন হোৱা উচিত আছিল। আৰু এতিয়াও অসম ভাৰতবৰ্ষৰ বহতীয়া উপনিৱেশ হৈ থকাৰ কোনো যুক্তি নাই। আমি য’তে এইবোৰ কথা লিখিবৰ সুযোগ পাইছোঁ (সম্পাদকৰ লগত বাক্-বিতণ্ডা কৰি), ক’বৰ চেষ্টা কৰিছোঁ, আৰু আমাৰ দৃঢ় বিশ্বাস যে স্বাধীন জাতিৰ স্বাধীন মন অধিকাংশ অসমীয়াৰে আছে। ঔপনিৱেশিক চৰকাৰ আৰু গোলামীৰ পৃষ্ঠপোষকসকলে আমাক ‘বিচ্ছিন্নতাবাদী’ বুলি কওক (তাত আমাৰ গাৰ নোম নলৰে, কিয়নো কথাটো সঁচা), আমি কিন্তু নিজক ক’ম ‘মুক্তিকামী’। আমাৰ বুজাত ভুল হ’ব পাৰে (?), কিন্তু “মই স্বাধীন হ’ব খোজোঁ” কথাটো কোৱাৰো মোৰ অধিকাৰ নাই, মই “স্বাধীন ভাৰত”ৰ নাগৰিক? গতিকে আমাৰ গোহাঁৰি এই যে এই বিষয়ে এটা জনসমীক্ষা হওক, কিন্তু তাৰ আগেয়ে “ভাৰতীয় অসম” আৰু “স্বাধীন অসম” বিচৰা উভয় পক্ষকে নিজ নিজ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়া হওক।

 সংবিধান অৰ্থাৎ ‘ভাৰতীয়’ সংবিধানৰ ভিতৰতে থাকি “আন ৰাজ্যবোৰৰ সৈতে সমমৰ্যাদা, সমান অৰ্থনৈতিক সা-সুবিধা আদি” যে উপনিৱেশ অসমে কেতিয়াও নাপায়, আজি ৪৩ বছৰৰ “স্বাধীনতা”ৰ পাছতো সেই বিষয়ে কাৰোবাৰ সন্দেহ আছে নে? যদি আছে তেন্তে এইকাৰণেই আছে যে আমি অসমীয়া মানুহ সহজেই আনৰ কথাত ভোল যাওঁ, বিদেশী বেপাৰীয়ে যিহকে কিনিবলৈ কয় ধাৰ কৰি হ’লেও তাকে কিনো, বাহিৰা মানুহে যি খাব কয়, পিন্ধিব কয়, চাব কয়- তাকেই কৰোঁ, আৰু নিজৰ অবাধ লুণ্ঠনকাৰ্য অব্যাহত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু

৩৪ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা