পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ

 সম্পাদক
 আজিৰ অসম, গুৱাহাটী

 গুৱাহাটী তেল শোধনাগাৰৰ মহাপ্ৰবন্ধক শ্ৰীহৰেকৃষ্ণলাল দাস, তেওঁৰ পুত্ৰ আৰু গাড়ীচালকক আলফাই অপহৰণ কৰি নি পণবন্দী কৰি ৰখা প্ৰসংগত ২৫ জুলাই ১৯৯০ তাৰিখৰ আপোনাৰ কাকতৰ ‘অপহৰণৰ পিছত’ শীৰ্ষক সম্পাদকীয়ত আপুনি লিখিছে যে “আলফাৰ ৰবীনহুডধৰ্মীয় কাৰ্যকলাপ জনপ্ৰিয় হ’লেও ইয়াৰ বিচ্ছিন্নতাবাদী শ্ল'গান বা আদৰ্শ অসমৰ জনসাধাৰণৰ মাজত মুঠেই জনপ্ৰিয় নহয়। অসমে দেশৰ আন ৰাজ্যবোৰৰ সৈতে সমমৰ্যাদা, সমান অৰ্থনৈতিক সা-সুবিধা আদি বিচাৰে আৰু সংবিধানৰ ভিতৰতে থাকি ফেডাৰেল ব্যৱস্থাৰে ৰাজ্যসমূহৰ পুনৰ্গঠন নতুবা ৰাজ্যসমূহক অধিক ক্ষমতা প্ৰদান আদি ব্যৱস্থা প্ৰৱৰ্তন কৰাটো বিচাৰে। কিন্তু ৰাজ্যখনৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ দাবী অথবা আদৰ্শৰ হয় বিৰোধী নহ'লেবা সমৰ্থন কৰে।” এই উক্তি আমি মানি ল'ব নোৱাৰিলোঁ। অসমৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ বিৰোধী এই ঘোষণা আপুনি বাৰু কিহৰ ভিত্তিত কৰিলে? আমি যিমান মানুহৰ লগত কথা হৈছোঁ, দেখিছোঁ যে সকলোৱে অসম স্বাধীন আৰু

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ৩৩