পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শ্ৰীবৰুৱাই নিজেই চিন্তা কৰি চাওক, ভাৰতবৰ্ষৰ লগত থাকি আমাৰ লাভ হৈছে নে লোকচান হৈছে, উপকাৰ হৈছে নে অপকাৰ হৈছে, কল্যাণ হৈছে নে হানি হৈছে। লাভ হৈছে, এনেকুৱা কোনো এটাও উদাহৰণ আছেনে? হানি হোৱা নাই, এনেকুৱা কোনো বিষয় আছেনে? সুৰক্ষাৰ পিনৰ পৰাও, তেখেতে সঁচাকৈয়ে বিশ্বাস কৰে নে যে ভাৰতীয় সৈন্যবাহিনীয়ে অসমক বাহিৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিব? আমি কিন্তু পাহৰা নাই চীনা আক্ৰমণৰ সময়ত কেনেকৈ ভাৰতীয় বীৰ “জোৱানসকলে” দৌৰ দিছিল আৰু নেহৰুৱে আমাক বিদায় যাচিছিল— অসম, নগালেণ্ড, মিজোৰাম, মণিপুৰ আদিৰ বাবে ভাৰতীয় সৈন্যবাহিনী এটা “ধৰ্ষণবাহিনী”, সেইখিনিয়েই সিহঁতৰ বীৰত্ব, দূৰৈত চীনা সৈন্য এটা দেখিলেই কিন্তু পাৎলুং তিয়াই দৌৰ দিব, আমাৰ সন্দেহ নাই।

 এইবোৰ কথা আমি আগেয়েও ক’বৰ প্ৰয়াস কৰি আহিছোঁ, কিন্তু। ‘আজিৰ অসম’ৰ দৰে কাকতেও আমাৰ চিঠি পত্ৰ প্ৰকাশ কৰা নাই, হয়তো সেইবোৰত স্বাধীন অসম তথা বিচ্ছিন্নতাবাদৰ সমৰ্থনত দুই-এষাৰ কথা থকাৰ বাবেই। কিছুদিন আগেয়ে আলফাৰ দ্বাৰা গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰবন্ধকজনৰ অপহৰণ তথা হত্যাৰ ভাবুকিৰ সন্দৰ্ভত আপোনাৰ সম্পাদকীয়ৰ “কিন্তু ৰাজ্যখনৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ দাবী অথবা আদৰ্শৰ হয় বিৰোধী নহ'লেবা সমৰ্থন নকৰে” কথাখিনি মানি ল'ব নোৱাৰি আমি লিখিছিলোঁ যে “আমাৰ গোহাঁৰি এই বিষয়ে এটা জনসমীক্ষা হওক, কিন্তু তাৰ আগেয়ে ‘ভাৰতীয় অসম’ আৰু ‘স্বাধীন অসম’ বিচৰা উভয়পক্ষকে নিজ নিজ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়া হওক”। এইটোও দোহৰা হৈছিল যে “বস্তুতঃ, ভাৰতীয় বুলি কোনো ঐক্যবদ্ধ জাতি নাই, এইটো ইংৰাজে প্ৰশাসনিক সুবিধাৰ বাবে কৰি লোৱা কৃত্ৰিম গোট, যিটো আজি কেন্দ্ৰীয় চৰকাৰে শাসন আৰু শোষণ চলাই ৰাখিবৰ সুবিধাৰ বাবে চালু ৰাখিবৰ চেষ্টা কৰি থাকে।” অৱশ্যে আজিৰ ভাৰতত নিৰ্বাচন বা

৩০ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা