পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বোধেৰে বাহিৰৰ প্ৰচাৰ মাধ্যমবোৰৰ বহুদিনীয়া আৰু নিৰৱচ্ছিন্ন মিথ্যাচাৰৰ ফল ‘উদয়াচল’ৰ মানচিত্ৰ প্ৰথম প্ৰস্তুত হয় কলিকতাৰ এটা গলিত, ‘মেঘালয়’ৰ প্ৰস্তাৱৰ পিছপিনে আছিল কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোলৰ অধ্যাপক। অসমীয়া মধ্যবিত্তই (বা ধনী শ্ৰেণীয়েও) বড়োসকলৰ কি অন্যায় কৰিছে? কোকৰাঝাৰ অঞ্চলৰ ভাল ভাল মাটিবোৰ, সংৰক্ষিত ভূমি, ব্যৱসায়-বাণিজ্য কাৰ দখলত? অসমীয়া ‘বুদ্ধিজীৱী’ শ্ৰেণীৰ বিড়ম্বনা হ’ল এয়ে যে তেওঁলোকে অনা-অসমীয়া কাগজ-পত্ৰ আৰু তথাকথিত ‘সৰ্বভাৰতীয়’ কাকত-আলোচনী-প্ৰায় সমস্তই কিবা কাৰণত অসমীয়া বিদ্বেষী— যি পঢ়ে, তাকেই সঁচা বুলি মানি লয়। বড়োসকলৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মানুহ (আমি নিজে অৱশ্যে ‘অসমীয়া’ আৰু ‘বড়ো’ৰ কোনো তফাৎ নকৰোঁ, যেনেকৈ ইংলিছ, আইৰিণ, স্কটিছ বা ৱেলছভাষী সকলোৱেই ব্ৰিটিছ) কিদৰে দায়ী? (আৰু অসমীয়া মানুহৰ নিজৰ অৱস্থা খুব কিবা ‘উন্নত’ নেকি?) কলিকতা-দিল্লীৰ কাগজে কৈছে বুলিয়েই সেইবোৰ কথা আমি নিৰ্বোধ অসমীয়াবোৰে হজম কৰি যাব লাগে নেকি? কোনো অসমীয়া বিষয়াই যদি চাকৰি বা ঠিকা আদিৰ ক্ষেত্ৰত কোনো বড়ো বা কাৰ্বিৰ অন্যায় কৰিছে, সেইটো নিজৰ স্বাৰ্থত কৰিছে, কোনো বড়ো-বিদ্বেষী মনোবৃত্তিৰে বা ‘অসমীয়া’ ভাবেৰে কৰা নাই— জাতীয় চৰিত্ৰহীন অসমীয়া মানুহে যদি ‘অসমীয়া’ ভাবেৰে আৰু অসমীয়াৰ স্বাৰ্থতেই কামবোৰ কৰিলেহেঁতেন (ব্ৰিটিছে বা বঙালীয়ে যিদৰে কৰে), অসমৰ আজি এইটো অৱস্থা নহয়েই-— অসমীয়া মানুহে অসমীয়া মানুহৰ অনিষ্ট কৰাতেই ইমান ব্যস্ত যে আন গোষ্ঠীসমূহৰ অন্যায় কৰিবলৈ যাবলৈ তেওঁলোকৰ অৱকাশেই নাই, সাধ্যতো নায়েই। আৰু এটা কথা লক্ষ্যণীয় যে ইংৰাজ থকালৈকে এইবোৰ “অসমীয়া বিভীষিকা” দেখা যোৱা নাছিল, ইংৰাজ যোৱাৰ পাছত অসমবিৰোধী ‘ভাৰতীয়’ৰ কৰ্তৃত্ব অহাৰ পাছতহে এইবোৰ প্ৰবৃত্তি উক্ দি উঠিছে। তাৰ কাৰণ বাৰু কি?

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ২৯