পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামটোও ) আছুৰ/আলফাৰ শক্তিৰ ভিতৰত...... তেওঁলোকে সেইটো কৰক, স্বাধীনচিতীয়া হ’বলৈ অসমীয়া মানুহৰ বেছিদিন নালাগিব। ঘাই হাতিয়াৰ হ’ল অধ্যয়ন, অনুশীলন আৰু ব্যৱসায়-বাণিজ্য ( ব্যাপক ৰক্তপাত নঘটোৱাকৈয়ো যে বিশাল, আমূল বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰি, পূব ইউৰোপৰ সাম্প্ৰতিক ঘটনাৱলীয়ে সেইটোকে প্ৰমাণ নকৰেনে? )। সময় আহিব ধৰিছে, ন্যস্তস্বাৰ্থৰ অপপ্ৰচাৰৰ ধুঁৱলি-কুঁৱলী ফালি নিশ্চয় অসমীয়া মানুহৰো চকুত স্পষ্ট হৈ পৰিব যে (১) কোনো কাৰো অধীন হ’ব নালাগে, (২) অধ্যয়ন আৰু অৰ্থনীতিৰেই স্বাধীন হ’ব পাৰি।

 শেহত, এটা কৌতূহলজনক কথা পঢ়ুৱৈয়ে আৰু শ্ৰীবৰুৱাই নিজেও মন কৰিছেনে নাই নাজানোঁ, তেখেতে যদিও অসম ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিবৰ চেষ্টা কৰিছে, কথাবোৰত জাপি এটা কিবা ‘কিন্তু কিন্তু’ দ্বিধাভাব ৰৈ গৈছে; সেয়ে তেখেতে “স্বাধীন অসমৰ চিন্তা বাস্তৱসন্মত নহয়” বুলি নকৈ “বাস্তৱসন্মত হৈছেনে?” বুলি প্ৰশ্নহে তুলিছে। ইয়াৰ সদুত্তৰো আশা কৰিছোঁ, অসমৰ জনসাধাৰণে নিজেই ঠিৰাং কৰি উলিয়াব।

 আজিৰ অসম আৰু অসম বাণীত চিঠিখন প্ৰকাশ নোপোৱা এটি সংক্ষিপ্ত টোকাসহ চিঠিখন তেওঁ সূত্ৰধাৰলৈ প্ৰেৰণ কৰিছিল।

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ২৫