পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৌৰিয়েই আছে), কিন্তু পূ. বংগৰ স্বাধীনতা আন্দোলনৰ সময়ততো আমাৰ বুদ্ধিজীৱীসকলে এইবোৰ আপত্তি তোলা নাই, তেওঁলোকেতো তেতিয়া কোৱা নাই যে পাকিস্তানৰ লগত নাথাকিলে পূ. বংগ নাখাই মৰিব, সাৰ্বভৌম হোৱাৰ চিন্তা এৰি পূ. বংগ পাকিস্তানৰ লগত থকাই সুবিবেচনাৰ কাম হ’ব? তেওঁলোকৰ সেই সময়ৰ মনোভাব কলিকতা-দিল্লীৰ প্ৰভাৱে গঢ় দিয়া নাছিলনে? আজি ৰুছিয়াতো মানুহৰ খাবলৈ ৰুটি এচকল নাই, কিন্তু তাৰ বিভিন্ন ৰাষ্ট্ৰই জীৱনধাৰণৰ উপায়ো ওলাব। আমি ডাঃ ডেকাৰ সমভাবাপন্ন ব্যক্তিসকলক অনুৰোধ কৰিব পাৰোঁ নে যে তেওঁলোকে দিল্লী-কলিকতাৰ নিবন্ধকাৰসকলৰ কথাত মোহাচ্ছন্ন হৈ নাথাকি এবাৰ পৃথিৱীৰ আন আন জাতিবোৰে কি কৰিছে চাওক?

 এইবোৰ কথা আমি আগেয়েও ক’বৰ প্ৰয়াস কৰি আহিছোঁ, কিন্তু আমাৰ কাকত-পত্ৰই আমাৰ চিঠি-পত্ৰ প্ৰকাশ নকৰে, হয়তো সেইবোৰত স্বাধীন অসম তথা বিচ্ছিন্নতাবাদৰ সমৰ্থনত দুই-এষাৰ কথা থকাৰ বাবেই। কিছুদিন আগেয়ে আলফাৰ দ্বাৰা গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰবন্ধকজনৰ অপহৰণ তথা হত্যাৰ ভাবুকিৰ সন্দৰ্ভত এখন কাকতৰ সম্পাদকীয়ৰে আলফাৰ কাৰ্যৰ সমালোচনা-সমৰ্থন কৰিও “কিন্তু ৰাজ্যখনৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ দাবী অথবা আদৰ্শৰ হয় বিৰোধী নহ'লেবা সমৰ্থন নকৰে” কথাখিনি মানি ল’ব নোৱাৰি আমি লিখিছিলোঁ যে “আমাৰ গোহাঁৰি এই যে এই বিষয়ে এটা গণ ৰায় হওক, কিন্তু তাৰ আগেয়ে ‘ভাৰতীয় অসম’ আৰু ‘স্বাধীন অসম’ বিচৰা উভয় পক্ষকে নিজ নিজ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়া হওক।” এইটোও দোহৰা হৈছিল যে “বস্তুতঃ, ভাৰতীয় বুলি কোনো ঐক্যবদ্ধ জাতি নাই (থাকিলে এমুঠি ইংৰাজে দুশ বছৰ এই বিশাল দেশ অধিকাৰ কৰি থাকিব নোৱাৰিলেহেঁতেন), এইটো ব্ৰিটিছে প্ৰশাসনিক সুবিধাৰ বাবে কৰি লোৱা কৃত্ৰিম গোট, যিটো আজি কেন্দ্ৰীয় চৰকাৰে শাসন আৰু শোষণ চলাই ৰাখিবৰ সুবিধাৰ বাবে চালু ৰাখিবৰ চেষ্টা কৰি থাকে।” অৱশ্যে আজিৰ ভাৰতত নিৰ্বাচন বা

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ২৩