পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা সময়ে নিৰ্দিষ্ট কৰি দিব।

 শ্ৰীপ্ৰভাত বৰাই ২৪.৮.’৯১ তাৰিখৰ কাকতত “স্বাধীন অসমৰ স্বপ্নঃ এক বাস্তৱবাদী বিশ্লেষণ” শীৰ্ষক প্ৰবন্ধত কৈছে যে ডি. এম. কেৰ নেতা আন্নাডুৰাইয়ে ১৯৬২ চনত স্বাধীন দ্ৰাবিড় ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল যদিও, তাৰ্ছমাহ পাছতেই চীনে ভাৰত আক্ৰমণ কৰাত সুৰক্ষাৰ কথা ভাবি সেই দাবী পৰিহাৰ কৰে। কিন্তু শ্ৰীবৰাই এইটো বোধহয় গমি চোৱা নাই যে ভাৰতীয় সৈন্যবাহিনীৰ “সোৱাদ” তামিলনাডুৱে পোৱা নাই (তামিলনাডুত ৰাষ্ট্ৰপতি শাসনৰ কালবোৰতো কেতিয়াও ভাৰতীয় সৈন্যবাহিনীয়ে তাত বিদেশী ৰাষ্ট্ৰৰ দখলদাৰী বাহিনীৰ দৰে আচৰণ কৰা নাই, অসমত সদায় যিটো কৰে), যে পাকিস্তান আৰু চীনে অধিকাৰ কৰি থকা শ শ বৰ্গমাইল ভাৰতীয় ভূমি পুনৰুদ্ধাৰ কৰাৰ সাহস বা ক্ষমতা ভাৰতীয় শাসকশ্ৰেণী তথা সৈন্যবাহিনীৰ নাই, আৰু চীনৰ আক্ৰমণত ভাৰতীয় সৈন্যবাহিনীয়ে কোনো সুৰক্ষা দিব পৰা নাই, পলাইছে।

 ৫.৮.’৯১ তাৰিখৰ কাকতত ডাঃ প্ৰণৱজ্যোতি ডেকাই ‘স্বাধীন অসম প্ৰসংগত' শীৰ্ষক চিঠিত লিখিছে যে “অসমৰ কেঁচা সামগ্ৰীৰ ভিতৰত চাহ, কয়লা, মৰাপাট, পেট্ৰ'লিয়াম আৰু দুই–এপদ সামগ্ৰীৰ বাহিৰে আন একো নাই বুলিবই পাৰি। আনহাতে আমি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ পৰা চাউল, দাইল, সৰিয়হ তেল, কাপোৰ-কানি.…... প্ৰতিটো ক্ষেত্ৰতেই ভাৰতবৰ্ষৰ ওপৰত নিৰ্ভৰশীল— তেনেস্থলত অসম স্বাধীন হ’লে এই বস্তুবোৰ কেনেদৰে যোগাৰ হ’ব – আমি বুজি পোৱা নাই।” আমাৰ চাহ-তেল-কয়লা-কাঠ আদি নগণ্য বস্তু? সম্পদ নহয়? সেইবোৰেৰে অইন অইন ৰাজ্যই চাউল আদিৰ নাটনিৰ এটা ঘাই কাৰণ বিপুলসংখ্যক বিদেশীৰ উপস্থিতিয়েই নহয়নে? কিন্তু প্ৰশ্ন সেইটো নহয়। প্ৰশ্নটো এইঃ স্বাধীন হ’ব খুজিলে ‘আমাৰ একো নাই, আমি কি খাম’ ভাবি স্বাধীনতাৰ চিন্তা এৰি দিয়াটো কি ধৰণৰ মনোবৃত্তি? পূ. বংগৰ কিয়েই বা আছে ( তাত এমুঠি খাবলৈ নাপাই সকলোৱে ‘সোণাৰ বাংলা’ এৰি অসমলৈ

২২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা