পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গণ-ৰায় (ৰেফাৰেণ্ডাম) কিমানদূৰ প্ৰকৃত জনমতৰ প্ৰতিফলন সেইটো সন্দেহজনক, কিন্তু যি হওক, এইটো এটা প্ৰস্তাৱ। আৰু এইটোও আমি জানোঁ যে এই মুহূৰ্তত এটা ৰেফাৰেণ্ডাম হ’লে খুব সম্ভৱতঃ অসম ভাৰতবৰ্ষৰ লগতে থাকিব লাগে বুলিয়েই অধিক মতদান হ’ব, কিন্তু সেইটোৱে আমাৰ বিশ্বাস নলৰায়, যে ভাৰতীয় গণৰাজ্য বুলি কোনো বস্তু শেহলৈ নাথাকে ( এজন বঙালী বা এজন তামিলৰ মনত তেওঁ প্ৰথমতে এজন বঙালী বা তামিল, তাৰ পিছতহে—নানাৰকম সা-সুবিধা আদায়ৰ বাবে ভাৰতীয়; ভাৰতীয়ত্বৰ ভাব কাৰো নাই। সেই ভাব জগাই তুলিব পৰা চৰিত্ৰৰ কোনো নেতা আজিলৈকে ওলোৱা নাই, ভৱিষ্যতেও নোলাব, কাৰণ এইটো সম্পূৰ্ণ অনৈতিহাসিক; চাৰিওপিনৰ ঘটনাৱলীৰ পিনে এবাৰ চকু ফুৰালেই স্পষ্ট হৈ পৰে যে জোৰ কৰি কিছুমান ৰাজ্য একত্ৰিত কৰি ৰাখিব নোৱাৰি, ছোভিয়েট ৰুছিয়াৰ দৰে দেশেও অৱশেষত নোৱাৰিলে— অসম বা পাঞ্জাৱো কালক্ৰমে স্বতন্ত্ৰ অসম বা পাঞ্জাৱ হৈ যাবই, যেনেকৈ আজি ব্ৰহ্মদেশ বা শ্ৰীলংকাক এসময়ত ব্ৰিটিছে ভাৰতবৰ্ষত লগাই লৈছিল বুলিয়েই আজিও ভাৰতবৰ্ষৰ ৰাজ্যৰ বুলিব নোৱাৰি )। আমাৰ বিশ্বাস নলৰে, কিয়নো উক্ত চিঠিতে আমি ক’বৰ প্ৰয়াস কৰিছিলোঁ যে “..... যদিও আমি স্বাধীন অসমৰ প্ৰয়াসী, আমাৰ বোধেৰে ভাৰতীয় সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ বা গেৰিলা যুঁজেৰে দেশ স্বাধীন কৰাৰ সময় বা মানসিকতা আমাৰ এতিয়াও অহা নাই..... আৰু স্বাধীনতাৰ অদম্য ইচ্ছা বা তাৰ সম্ভাৱনা জনসাধাৰণৰ মনত এতিয়ালৈকে সঞ্চাৰিত হোৱা নাই। আমাৰ বোধেৰে, অসমৰ স্বাধীনতাৰ অন্যতম দুই ঘাই খুটি হ’ল আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ আৰু আমাৰ মাটি.... আমি সদায় এই কথাকেই কৈ আহিছোঁ যে বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ, ‘বাণিজ্যে বসতে লক্ষ্মী’য়েই নহয়, ‘বাণিজ্যে বসতে শক্তি’ও [ ইষ্ট ইণ্ডিয়া কোম্পানী, জাপান....] . আমাৰ বোধেৰে, বহিৰাগতক মাটি বণ্টন দিয়া/বিক্ৰী কৰা বন্ধ কৰা কামটো ( আৰু অনুপ্ৰৱেশ বন্ধ কৰা

২৪ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা