পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বাধীন অসম 'ইউট’পীয়া’ নহয়

 সম্পাদক
 সূত্ৰধাৰ, গুৱাহাটী

 ইয়াৰ লগত পঠোৱা (জেৰক্স- অনুলিপিৰ) লিখাখিনি কিছুমান ‘সম্পাদকলৈ চিঠি’ৰ পৰা যুগুতাই উলিওৱা। আজি প্ৰায় ৪/৫ মাহ ধৰি চেষ্টা কৰি কৰি কোনো কাকততে লেখাবোৰ প্ৰকাশ কৰাব নোৱাৰিলোঁ—হয় ‘আলফা’ৰ ভয়ত, নহ’লে চৰকাৰ বা সেনাবাহিনীৰ ভয়ত, নহ'লে আমাৰ অবোধগম্য আন কিবা কাৰণত। যেতিয়া অৱশেষত সিদ্ধান্ত কৰিলোঁ যে অসমত বাক্ স্বাধীনতা নাই, অসমীয়া জাতি শেষ, তেতিয়া হঠাতে ‘সূত্ৰধাৰ’ৰ নৱেম্বৰৰ সংখ্যাটো দেখা পাই চমৎকৃত হ’লো— যিটো সংখ্যাৰ মূল বিষয় হ’ল “স্বাধীন অসম : কিয় বিচাৰো বা নিবিচাৰো।” আজিকালি অসমীয়াত ইমান বিৰাটসংখ্যক কাকত আৰু আলোচনী যে সকলোবোৰৰ আঁত ৰখা সম্ভৱ নহয়, আৰু ‘সূত্ৰধাৰ’ৰো এই সংখ্যাটো আকস্মিকভাৱেহে চকুত পৰিল (নিয়মীয়া পাঠক নহওঁ)। এতিয়াও অৱশ্যে আমি সকলোখিনি কথা পঢ়ি শেষ কৰা নাই, আৰু সেইবোৰ লৈ কোনো বাক্‌-বিতণ্ডাত অৱতীৰ্ণ হ’বলৈয়ো ইচ্ছা কৰা নাই, কিন্তু ইয়াকে জনাব খোজো যে অসমত বাক্-স্বাধীনতা হয়তো এতিয়াও নাই, এই আশ্বাস মনত আনি দিয়া বাবে

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ১৩