পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেধি কায়িকভাৱে আমাৰ মাজৰপৰা চিৰকালৰ বাবে আঁতৰি গ'লগৈ।

 অৱশ্যে সৌৰভ কুমাৰ চলিহাৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে। অননুকৰণীয় সৃষ্টিৰাজিয়ে এই বিৰল, বিস্ময়কৰ গল্প-প্ৰতিভাগৰাকী অনুৰাগীৰ মাজত জীয়াই ৰাখিব চিৰনতুন ৰূপত।

 নানা কাৰণত অনুৰাগী সমাজৰ কাম-কাজৰ মাজতে কিছুদিনৰ কাৰণে যতি পৰিছিল। আলটাফ মজিদৰ অকাল বিয়োগ, অনুৰাগী সমাজৰ সক্ৰিয় সদস্য নজৰুল হক চাকৰিসূত্ৰে অসমৰ বাহিৰত থাকিবলগীয়া, হোৱা আদি কিছু কাৰণত অনুৰাগী সমাজৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰিছিল।

 তেখেতৰ মৃত্যুৰ পিছত দুই-এটা বিক্ষিপ্ত কাৰ্যসূচী বাদ দি আমাৰ ভাষাৰ অন্যতম শ্ৰেষ্ঠ কথাশিল্পীগৰাকীক লৈ বিশেষ অনুষ্ঠান অনুষ্ঠিত হোৱা দেখা নগ'ল৷ এনে প্ৰেক্ষাপটতে অনুৰাগী সমাজক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসেৰে মুষ্টিমেয় কেইগৰাকী অনুৰাগী আগবাঢ়ি আহিল। ২০১৫ চনৰ শেষৰফালে কেইগৰাকীমান অনুৰাগী— সুখ্যাত লেখক দেৱব্ৰত দাস, কবি কুশল দত্ত, পৰিৱেশ সাংবাদিক মুবিনা আখতাৰ, চলচ্চিত্ৰ সমালোচক ননী টেৰণ, সাংবাদিক মহেশ ডেকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰশমণি দত্ত, গল্পকাৰ ভাস্কৰ ঠাকুৰীয়া, বোধিসত্ত্ব শৰ্মা আদিৰ উদ্যোগত গুৱাহাটী গ্ৰন্থমেলাত ২ জানুৱাৰীত ‘সৌৰভ কুমাৰ চলিহাৰ সৈতে এসন্ধ্যা’ নামেৰে এটি অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত ‘নতুন প্ৰজন্মৰ দৃষ্টিত সৌৰভ কুমাৰ চলিহা’ শীৰ্ষক আলোচনাৰ লগতে ‘প্ৰফাইল অব্ এ টাইম কেপচাৰাৰ’নামৰ ননিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়। খুব কম সময়ৰ ভিতৰতে অনুষ্ঠানটো আয়োজন কৰিবলগীয়া হোৱাত সকলোবোৰ অনুৰাগীক ইয়াত জড়িত কৰিব পৰা নগ'ল। সি যি নহওক, ইয়াৰ কেইমাহমান পিছতে আমাৰ হাতত আহি পৰিল তেখেতৰ কিছু অপ্ৰকাশিত চিঠি-পত্ৰ আৰু ৰচনা। বিভিন্নজনৰ পৰামৰ্শমতে ইয়াৰ মাজৰপৰা নিৰ্বাচিত কিছু লেখা সংকলন আকাৰে

১০ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা