পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্পাদকীয়ৰ পৰিৱৰ্তে

 ২০১০ চনত যেতিয়া ‘সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ’ ( Saurav Kumar Chaliha Fan Society ) গঠন হৈছিল, তাৰ আঁৰৰ মূল মানুহজন আছিল চিত্ৰ নিৰ্মাতা, সৌৰভ কুমাৰ চলিহাৰ এজন একনিষ্ঠ অনুৰাগী আলটাফ মজিদ। ( দুখৰ বিষয় তেখেত আমাৰ মাজত আজি নাই। ) প্ৰয়াত মজিদ ডাঙৰীয়াই সৌৰভ কুমাৰ চলিহাক অনুৰাগী সমাজ গঠনৰ পৰিকল্পনাৰ বিষয়ে যেতিয়া অৱগত কৰিছিল, প্ৰথমে তেখেতে স্বাভাৱিকতে আপত্তি কৰিছিল— তেখেতে স্বভাৱসুলভ কথনভংগীৰে কৈছিল, “এহ, কিনো হ’ব এইবোৰ কৰি।” পিছলৈ অৱশ্যে তেখেত মান্তি হৈছিল আৰু অনুৰাগী সমাজে আয়োজন কৰা কেতবোৰ অনুষ্ঠানৰ অংশীদাৰো হৈছিল।

 সৌৰভ কুমাৰ চলিহাৰ চৰ্চা— তেখেতৰ সৃষ্টিৰাজিৰ মূল্যায়ন, প্ৰসাৰ, প্ৰচাৰ আৰু সংৰক্ষণ— এই উদ্দেশ্য আগত ৰাখিয়ে অনুৰাগী সমাজৰ জন্ম দিয়া হৈছিল। লগতে আমি মনত ৰাখিছিলোঁ এনেধৰণে কাম-কাজৰ মাজেৰে যাতে জনজীৱনৰপৰা স্বনিৰ্বাসিত হৈ থকা এই বিস্ময়কৰ প্ৰতিভাৱান লেখকজনক কিঞ্চিৎ হ'লেও আনন্দ দিব পৰা যায়।

 এই উদ্দেশ্যৰ অংশ হিচাপে তেখেতৰ গল্পবোৰ ইংৰাজীৰ লগতে

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৭