ঢেকিয়াল ফুকন আৰু তেওঁৰ জ্যেষ্ঠা পত্নী দণ্ডী-স্বামীৰ শিষ্য।
খাৰঘৰীয়া ফুকনো সেই দণ্ডীৰ শিষ্য। আনবিলাক ঘৈণীৰ
কোনোবা দণ্ডী-স্বামীৰ কোনোবা ঘৰৰ কোনো পূজনীয়
পৰিবাৰৰ শিষ্য। এওঁবিলাকৰ কুলগুৰু নাই৷ সেইকালত
পৰ্ব্বতীয়া গোঁসাইৰ ঘৰেই অতি পুজনীয়। আনন্দৰাম ফুকনে
সৈতে কালিদাস ভট্টাচাৰ্য্যৰ অনেকদিন কথা-বাৰ্ত্তা চলিছিল।
পৰিশেষত ১৭৬৩ শকত আশ্বিনৰ মহাষ্টমীৰ দিনা আনন্দৰাম
ফুকনে সেই ভট্টাচায্য গোসাইৰ ত'ত দীক্ষা গ্ৰহণ কৰিলে।
দীক্ষা গ্ৰহণৰ পাচত তেওঁ বৰ ভক্তিৰে পূজা কৰিছিল৷ দুৰ্গাৰাম
ফুকনে আকৌ পৰ্ব্বতীয়া গোসাই উৰুৰ সৰুজনা উমাকান্ত ভট্টাচাৰ্যত
মন্ত্ৰ গ্ৰহণ কৰিলে।
মেথী চাহাব আৰু জেনকিনচ্ চাহাবে ইয়াৰ আগ বছৰতে গুৱাহাটীৰ কীৰ্ত্তিকান্ত, মাধৱচন্দ্ৰ, হলিৰাম আৰু চন্দ্ৰমল নামে কেইটিমান লৰাক সাহায্য দি কলিকতালৈ পঢ়িবলৈ পঠায়। আনন্দৰাম ফুকনে স্কুলত বৰ শ্ৰম আৰু উৎসাহেৰে পঢ়িছিল। মেং চিঙ্গৰ আৰু মেং ৰবিন্চন্, যেতিয়া যিজন শিক্ষকৰ মুখে পঢ়িছিল সেইজনকে তেওঁ সন্তোষ দিছিল। প্ৰতি বৎসৰতে তেওঁ “প্ৰাইজ” পাইছিল। আনন্দৰাম আৰু দুৰ্গাৰামৰ সুন্দৰ বুদ্ধি, উন্নত স্বভাব দেখি মেথী চাহাব আৰু জেনকিনচ্ চাহাব আৰু আন আন চাহাবে তেওঁবিলাকক এই পৰামৰ্শ দিলে যে তেওঁবিলাক কলিকতালৈ গৈ তাত থাকি শিক্ষা কৰে। তেওঁবিলাকৰ যাবলৈ মন হল কিন্তু তেওঁবিলাকৰ মাতৃ, পিতামহী আৰু আন আন লোকসকলৰ সেই বিষয়ে একেবাৰে অমত। এতিয়াৰ দৰে কলিকতালৈ যাবলৈ তেতিয়া সুবিধা নাছিল। নৌকাপথে যাব লাগিছিল। বাটত ডকাইত আৰু চোৰ। তেতিয়া কলিকতাৰ স্বাস্থ্যও তেনে ভাল নাছিল। লোণা জল, মানুহ নৰিয়া পৰে। এতিয়াৰ দৰে বঙ্গালী মানুহৰ তিমান গমনাগমন ইয়ালৈ নাছিল। উভয় দেশৰ মানুহে উভয় দেশৰ