পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬/ ওভতনি যাত্ৰা
 


 এই এখন চিঠি ভুলতে আকুলৰ ফাইলত সোমাই আছিল। গোলাঘাটৰ পৰা কোনোবা ডেইজী বৰাই লিখিছে,— চুলি শুষ্ক, ভীষণ উফিৰ সমস্যা। সপ্তাহত দুবাৰকৈ তেওঁ এণ্টি ডেনড্ৰাফ শ্বেম্পু ব্যৱহাৰ কৰে; তথাপি কোনো সুফল পোৱা নাই। এতিয়া তেওঁ কি কৰিব? চুলিত তেলেতীয়া ভাবটো আনিবলৈ কি কৰা উচিত হ’ব?

 আকুলৰ খং উঠে। এনেধৰণৰ কথা কাকত-আলোচনীত ওলায়েই থাকে। এনেকুৱাধৰণৰ কিয়,— এইটো প্ৰশ্নই অসংখ্য কাকত-আলোচনীত মাহেকে পষেকে ছপা হৈ থাকে। পুৰণি আলোচনী এখনৰ পাত লুটিয়ালেই এসোপা তেল, টনিক আৰু হাৰ্বেলৰ নাম পঢ়িবলৈ পোৱা যায়। তথাপি এইবিধ চিঠিৰ সোঁত কিয় বন্ধ নহয়— আকুলে নুবুজে।

 বহুত সমস্যা মানুহৰ। তালুত চুলি নথকাটোৱো সমস্যা, থুঁতৰিত কেইডালমান চুলি অবাধ্য আৰু অসংযত হৈ গজি থকাটোও সমস্যা। মুখখন যেনিবা কোমল, বগা, উজ্বল; কিন্তু শালমইনা ওলায়। সমস্যা! ভ্ৰূযুগল ডাঠ আৰু সুন্দৰেই, কিন্তু ধেনুভিৰীয়া নহয়। ইয়ো একধৰণৰ সমস্যা। উপায় লাগে। পিঠি আৰু গলধনৰ অংশবিশেষ ক’লা পৰিছে। ঘৰত থকা সময়খিনি দৈ, ময়দা আৰু কণীৰ প্ৰলেপ সানিও সুফল পোৱা নাই। উপায় লাগে। বাহুত সৰুতে লোৱা বেজীৰ দুটা স্পষ্ট বৃত্তাকাৰ দাগ, হাত নথকা ব্লাউজ পিন্ধিলে বেয়া দেখি। উপায় লাগে।

 সৌন্দৰ্য-সচেতনতাৰ এই নানানটা সমস্যাৰ উপৰি চলি আছে মানুহৰ কফ পিত্ত - অম্ল, জ্বৰশুং, এলাৰ্জি আৰু কোষ্ঠকাঠিন্যৰ চিৰন্তন দৌৰাত্ম্য। এই সকলো অনাচাৰ আৰু নৈৰাজ্যৰ বিৰুদ্ধে পঢ়ুৱৈ সমাজক সুস্থ আৰু সুন্দৰ কৰিবলৈ একপ্ৰকাৰ অংগীকাৰবদ্ধ হৈ অফিছৰ এচুকত বহি শ্ৰুতিমালা বৰুৱাই চাৰি-পাঁচখন বিদেশী আলোচনী আৰু হেল্থ গাইড জাতীয় হাত পুথি এখন লৈ কিবাকিবি লিখি থাকে।

 প্ৰায় একেই প্ৰশ্ন। সামান্য ইফাল-সিফাল। শ্ৰুতিমালাৰ বিশেষ কষ্ট নহয়।

 এতিয়া ডেইজী বৰাৰ চিঠিখনৰ কি হ'ব? প্ৰথমতে সেইখন আকুলৰ আৱৰ্জনা পেলোৱা খৰাহিটোত পেলাবলৈ মন গ'ল। তাৰপাছত সি ভাবিলে—থাকক। এইটো শিতানৰ কাম তাৰ ভাগত নপৰে। চিঠিখন লৈ সি শ্ৰুতিমালাৰ টেবুললৈ উঠি গ'ল। তাৰপাছত নিজৰ ডেস্কলৈ উভতি আহি সি এনেয়ে এবাৰ ঘড়ীটোলৈ চালে।

 ন বাজি গৈছে। আনকালে ন বজালৈকে সি ইমান নিশ্চিন্ত হৈ অফিছত থাকিব নোৱাৰে। ঘৰত কেঁচুৱাটিক লৈ মামুৰ আলৈ-আথানি হয়। এফালে সন্ধিয়াৰ আলহী, আনফালে কেঁচুৱাৰ পেঁ-পেঁ। ইয়াৰ মাজতে অসংখ্যবাৰ টেলিফোন বাজে, কলিংবেল বাজে, চান্দা তুলিবলৈ অহা এজাক দুৰ্দান্ত প্ৰকৃতিৰ ল’ৰা বাৰাণ্ডাত থিয় হয়। এনেই নিত্যনৈমিত্তিক লোডশ্বেডিঙৰ বিড়ম্বনা—কোনো কাৰণ নোহোৱাকৈ বিজুলীচাকি হঠাৎ জ্বলি উঠে, হঠাৎ নুমায় আৰু সেই অস্বস্তিকৰ অন্ধকাৰত জুইশলা বাহটো খেপিয়াই থাকোঁতে গেছ