পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওভতনি যাত্ৰা

 কথাবোৰ মই পাহৰিবলৈ আৰম্ভ কৰিছোঁ। মানুহৰ নাম পাহৰোঁ, দৰবৰ সময় পাহৰোঁ; মোৰ অকণমানি ছোৱালীজনীক স্কুল ছুটীৰ পাছত স্কুটাৰখনেৰে ঘৰলৈ অনাটো মোৰ নিতৌ কৰিবলগীয়া এটা কাম,— কেতিয়াবা সেইটো পাহৰি থাকোঁ।

 স্কুলৰ চৌহদত এজনী ছবছৰীয়া ছোৱালী দেউতাকৰ অপেক্ষাত অকলে, অসহায়ভাৱে ৰৈ থাকে; দেউতাক তেতিয়া সাতমাইল দূৰৈৰ মেছাৰ্ছ চুনীলাল ফাৰ্মেছিউটিকেলছ নামৰ দোকান এখনৰ বাৰাণ্ডাত।

 আমেৰিকাৰ ইৰাক আক্ৰমণ আৰু কুৱেইটৰ ভৱিষ্যৎ সম্পৰ্কে মই হয়তো সেইটো মুহূৰ্তত খুবেই উদ্বিগ্ন। মোৰ বন্ধু ৰমণী বৰ্মন,—ফ্ৰান্স ফুটবল দলৰ প্ৰদৰ্শন সম্পৰ্কে তেওঁ প্ৰশিক্ষক মিশ্বেল প্লাটিনিতকৈও অধিক উৎসাহী; তেওঁক যুক্তিৰে পৰাস্ত কৰিবলৈ ব্ৰাজিলৰ সপক্ষে মোৰ কণ্ঠ তেতিয়া হয়তো সপ্তম স্বৰত। ফলাফল যিয়েই নহওক, এটা এৰা-ধৰাৰ মনোভাব হয়তো খুবেই আসন্ন, তেনে এক শিথিল পৰিস্থিতিত বৰ্মনে হঠাৎ কৈ পেলায়,—“এই ফুটবল চাবলৈকে মোৰ ল’ৰাটোৱে দুদিন স্কুল খতি কৰিলে, সেইকাৰণে মই তাক—”

 “স্কুল?” – বিস্মৃতিৰ শেতেলিৰ পৰা মই যেন হঠাৎ সাৰ পাই উঠো।

 “এৰা, দুদিন স্কুল খতি”—বৰ্মনে শান্তভাৱে কয়।

 “সৰ্বনাশ”—মই প্ৰায় চিৎকাৰ কৰি উঠো। তাৰ পাছত স্বাভাৱিকতেই মই আৰু স্থিৰেৰে থাকিব নোৱাৰোঁ। মোৰ মনত পৰি যায় যে মোৰ ছবছৰীয়া ছোৱালীজনী তেতিয়াও হয়তো তাইৰ স্কুলৰ শূন্য প্ৰায় চৌহদত। ত্ৰিভংগ মুৰাৰীৰ দৰে ৰৈ থকা স্কুটাৰখনত মই খৰখেদাকৈ কিক মাৰিবলৈ লওঁ—এবাৰ, দুবাৰ, তিনিবাৰ, অথচ ষ্টাৰ্ট নহয়। বৰ্মনে হয়তো একো তৰ্কিবই নোৱাৰে। ভিতৰৰ পৰা ফামেৰ্ছিৰ গৰাকীজনে চিঞৰে,—“ছাৰ, এয়া আপোনাৰ স্কুটাৰৰ চাবি।”


 এলানি জবৰদস্ত প্ৰশ্নক্ৰমৰ আয়োজন কৰি পৰিবাৰে মোক সুধিলে,—“কেনেকৈ?”

 “কি কেনেকৈ?”— মই অলপ নিশ্চিত হ’বলৈ যত্ন কৰিলো।

 “ছোৱালীজনীৰ স্কুল ছুটীৰ কথাটো কেনেকৈ তুমি পাহৰি থাকিব পাৰা?”— ভীষণ খং মিহলি হৈ থাকিলেও তেওঁ প্ৰশ্নটোৰ এটা শিল্পসন্মত ৰূপ দিলে। মই বুজাবলৈ