পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২/ওভতনি যাত্ৰা
 


 নহয়, মুখৰ ফুটাটোৰে বতাহকণ জোৰেৰে উলিয়াই দিয়ক।


 কোনো কথা নাই, প্ৰথমবাৰতে নোৱাৰি। অভ্যাস লাগে।

 ৰ’ব, মই আৰু এবাৰ চেষ্টা কৰো, বাই দা ৱে'— সেই খেলনা লৈ অহা ভেণ্ডৰটোক মাতকচোন।

 মাতিছো বাৰু। কি কিনিব?

 সুতুলি।

 সুতুলি?

 অঁ, প্লাষ্টিকৰ সুতুলি,— সৰু ল'ৰা-ছোৱালীয়ে যে বজায়, — মোৰ অলপ বজাবলৈ মন গ'ল।

 খুব ভাল কথা। আপোনাৰ যে মন গ'ল, সেইটোৱেই মোৰ বাবে এটা এচিভমেন্ট। এনি ৱে’— ইয়াত নাপালেও সেইটো আপুনি পুৰীৰ ষ্টেছনত নামিয়েই কিনিব পাৰিব। আপোনাৰ জগন্নাথ মন্দিৰৰ কাষৰে-পাঁজৰেও তেনেকুৱা অসংখ্য দোকান আছে।

 আৰু আপোনাৰ সাগৰৰ পাৰত?

 তাত আপোনাৰ সুতুলিৰ প্ৰয়োজন নহ'ব। সমুদ্ৰতীৰৰ বালিত আপুনি মাথোন শৰীৰটো এৰি দিব। বতাহৰ সোঁ-সোঁৱনিৰে ভৰি পৰিব পুৰীৰ স্বৰ্গদ্বাৰ। একো-একোটি ঢৌ আহি আপোনাৰ ভৰি চুই গুচি যাব। আপোনাৰ সৰ্বশৰীৰ এটি অজান আৱেশত পুলকিত হৈ উঠিব।ক’তো অকণো ক্ষোভ নাথাকিব। সকলোকে ক্ষমা কৰি দিবলৈ মন যাব। সকলোকে ভাল পাবলৈ শিকিব। আনকি নিজকো।

 আপোনৰ কথাবোৰ মোৰ ভাল লাগি আহিছে। মই হয়তো সাগৰৰ পাৰত কিছুঘণ্টা কটাম। মোৰ ক্ষোভ নোহোৱা হৈ যাব। সকলোকে ক্ষমা কৰি দিবলৈ মন যাব। মই নিজৰ লগতে আনকো ভাল পাবলৈ শিকিম। কিন্তু এটা কথাত মই এতিয়াও নিশ্চিত হ’ব পৰা নাই।

 কি?

 ক্ষোভ কমিলে, খং কমিলে, মানুহক ভাল পাবলৈ শিকিলে মোৰ লাভ কি হ'ব?

আধাৰশিলা, ডিচেম্বৰ, ২০০০