পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুহুৰি / ৯৯
 


 পাৰ কৰিবলৈ মোৰ তেনেকৈ সময়েই নাই।

 অফিছৰ কামত ব্যস্ত হৈ থাকে?

 ঠিক তেনেকুৱা নহয়। পুৱা দহ বজাৰ পৰা,—এইটো কিবা এট ষ্টেছন পালো, পানী অকণমান ভৰাই ল'ব লাগিছিল, এস থাক, মিনাৰেল ৱাটাৰ কিনি ল’ম—অঁ, দহ বজাৰ পৰা পাঁচ বজালৈ অফিছ, তা পাছত বজাৰ কৰোঁ, বজাৰ কৰোঁতে ছয় বাজি যায়, ঘৰত সোমাই – হেই—

 একো নহয়, অলপ কাষ চাপি বহক, এইটো ষ্টেছনত মানুহবোৰ এনেকৈ উঠেই। অ’ কি কৈছিল? ঘৰত সোমাই—?

 ল’ৰা দুটাক পঢ়ুৱাওঁ। সৰুটোৱে মেট্ৰিক, –– মানে স্কুল লিভিং পৰীক্ষা দিব। তাক লৈ অলপ বহোঁ।

 টিউছন দিয়া নাই?

 দিছোঁ। অংক, বিজ্ঞান পঢ়িবলৈ সি নুনমাটিলৈ যায়। আহোঁতে বামুণীমৈদামত কোনোবা বৰদলৈ ছাৰৰ তাত ইংৰাজী শিকে। সপ্তাহত তিনিদিন। সোম, বুধ, শুকুৰ।

 আৰু সমাজ অধ্যয়ন?

 সমাজ অধ্যয়ন—ঘৰত। ঘৰলৈ মিছ এগৰাকী আহে। মঙল, বৃহস্পতি, শনি।

 আপুনি কি পঢ়ুৱায়?

 মই এনেয়ে গোটেইখিনিতে এবাৰ,— এই ধৰক টেষ্ট পেপাৰ, মডেল কুৱেশ্চন, —আৰু ছাৰবিলাকৰনো কি ভাৰসা, সিদিনা টিউছনতে পীতাম্বৰ শৰ্মাই হেনো টেক্সট বুকৰ প্ৰথম পয়েট্ৰিটো নপঢ়িলেও হ’ব বুলি কৈছে। চাওকচোন কি কাণ্ড!

 কিন্তু ইংৰাজীতো কোনোবা বৰদলৈয়ে পঢ়ুৱায়?

 বৰদলৈয়ে ফাৰ্ষ্ট পেপাৰ পঢ়ুৱায়।

 বাহ, বৰ কেয়াৰ লয় ল’ৰাৰ! পইচাওতো বহুত লাগে?

 পইচানো কাক নালাগে? আপোনাকোতো বহুত পইচা লাগে ঘূৰি ফুৰিবলৈ!

 চাহ একাপ খাবলৈ মন গৈছিল। আপোনাৰ?

 খাব পাৰি।

 তাৰমানে মন যোৱা নাই?

 সেইটোনো কি কথা! খালেই হ'ল।

 নহয়, সিমান ছিম্পল কথা নহয়। মন যোৱা কথাটো অলপ বেলেগ ধৰণৰ কথা। যেনে ধৰক, বৰষুণৰ বতৰত পৰিয়ালৰ গোটেইবোৰ একেলগে, পাৰিলে একেখন বিছনাতে উঠি ভজা-বাদাম, নাইবা ভালকৈ পিঁয়াজ, জলকীয়া সৰু সৰুকৈ কাটি মূৰিৰ