পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮/ওভতনি যাত্ৰা
 


 আপুনি সকলো ধৰণৰ সংগীত ভাল পায়?

 অৱশ্যে নাপাওঁ। কিন্তু কিছুমান সংগীত খুব ভাল পাওঁ। আপোনাৰো তেনেকৈ কোনোবা এখন সাগৰ-

 মই সেইবোৰ ভাল নাপাওঁ।

 তেনেহ'লে পুৰীত দুদিন কি কৰিব?

 হোটেলত জিৰণি ল’ম। ৰেলযাত্ৰাৰ ভাগৰ পলুৱাম। হেই ক্যা মাংতা? দেখিছেনে মোৰ জোতাযোৰত কেনেকৈ,— ইধৰচে কিঁউ আতা হেই?

 হেৰি, হেৰি, খং নকৰিব, ইয়াত এনেকৈ গালি পাৰিলে এওঁলোকে আপোনাৰ বাৰ বজাই দিব।

 কিডাল কৰিবহে? মোক চিনি পোৱা নাই সিহঁতে!

 চাওক, য'ত যি নিয়ম, আপোনাৰ গুৱাহাটীত কথাটো বেলেগ। তাত হয়তো আপোনাৰ—নেহি নেহি ভাইচাব্ আপলোগ যাইয়ে, ইন্‌কি অউৰচে মে মাফী মাংতা হুঁ — অঁ, কি কৈছিল, তাত - মানে গুৱাহাটীত আপোনাৰ বহুত দীঘল হাত,—অৱশ্যে মই নাজানো আপুনি কি কৰে,—আপোনাৰ ডিপাৰ্টমেণ্ট?

 ফ্লাড কণ্ট্ৰ’ল।

 মোৰ মোমাইদেউ এজনো— থাকক, তেওঁক আপুনি চিনি নাপাব,—মানে তলতীয়া কৰ্মচাৰী আছিলতো, তাকো ডিব্ৰুগড়ত।

 ময়ো সাতবছৰ ডিব্ৰুগড়ত আছিলো।

 ডিব্ৰুগড়ত আছিল? ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰখন দেখিলে যে বুকু কঁপি যায়! একদম যেন সাগৰ! নাই, সাগৰ নহয়, এনেয়ে ক’লো। আপুনিতো সাগৰ ভাল নাপায়! তথাপি কওঁ, আপুনি অন্ততঃ এবাৰ সাগৰ দেখাহেঁতেন ভিতৰৰ পৰা কিবা এটা বেলেগ ফিলিংচ-

 মই সাগৰ দেখিছো।

 দেখিছে? ক’ত?

 মুম্বাইত। অফিছিয়েল কামত যাওঁতে মেৰাইন ড্ৰাইভত, —তাকো গাড়ীৰ ভিতৰৰ পৰা,—মোৰ সেইবোৰ ভাল নালাগে।

 অৱশ্যে মেৰাইন ড্ৰাইভত সাগৰ চোৱা ঘটনাটো অলপ কৃত্ৰিম ধৰণৰ কথা। মুম্বাইত আপুনি জুহুলৈ নগ'ল?

 নগ'লো। সময়ো নাছিল, ইচ্ছাও নাছিল।

 আপুনি কি খুব ব্যস্ত? মানে মই সুধিব খুজিছোঁ, গুৱাহাটীত আপুনি সময় কেনেকৈ পাৰ কৰে?