সুহুৰি
ক’লৈ যাব আপুনি?
পুৰী।
ভালেই হ'ল। ময়ো পুৰীলৈ যাম। ৰিজাৰ্ভেছন লিষ্টৰ ৫৯ নম্বৰ ছিটৰ উপাধিটো দেখিহে, —মানে আমাৰ ৰাজ্যৰ বুলিহে মাত লগাইছোঁ। বেয়া নাপাব।
বেয়া পোৱা নাই। আপোনাৰ ঘৰো গুৱাহাটীত নেকি?
নহয়, তেজপুৰত। আপোনাৰ তাৰমানে গুৱাহাটীত?
অঁ।
ভাল লাগিল। পুৰীৰ সাগৰে আপোনাক বলিয়া কৰি দিব। মইযে কিমানবাৰ আহিছোঁ— কমচে কম পাঁচ-ছবাৰ,—সাতবাৰো হ'ব পাৰে,—মুঠৰ ওপৰত হিচাপ মনত নাই। কিন্তু আমোদজনক কথাটো কি জানে, হাতত কেইদিনমান সময় লৈ আহিব লাগে; নহ'লে একদম মজা নাই। বাই দা ৱে’—আপুনি কেইদিন থাকিব?
দুদিন।
বেছ ভাল, বেছ ভাল। ময়ো এইবাৰ তিনিদিনহে থাকিম। এটা কথা কি জানে, মই কোলাবা বীচ্চলৈ গৈছোঁ, দীঘালৈ গৈছোঁ, কিন্তু পুৰীৰ সাগৰে যেন মোক বাৰে বাৰে—
মই সাগৰ চাবলৈ অহা নাই।
কি ক’লে? পুৰীলৈ আপুনি সাগৰ চাবলৈ অহা নাই?
ওহোঁ, মই জগন্নাথ মন্দিৰলৈহে যাম।
অ’ তাকে কওক। তথাপি,—মানে মন্দিৰ দৰ্শন কৰোঁতে আপোনাৰ কেইমিনিট লাগিব? তাৰ পাছত নিশ্চয় আপুনি সাগৰলৈ—?
নাই, মই সাগৰ নাচাওঁ। মোৰ ভাল নালাগে।
ভাল নালাগে? মই বৰ আচৰিত হৈছোঁ।
কিনো আচৰিত হ'বলগীয়া আছে? পৃথিৱীৰ সকলো মানুহৰে নিজৰ ভাল লগা- নলগা, পছন্দ-অপছন্দ থাকিব পাৰে।
নিশ্চয় পাৰে। কিন্তু ফুল, পখিলা, সংগীত; এই ধৰক প্ৰাকৃতিক উপহাৰবিলাক - সেইবিলাক কাৰো বেয়া লাগিব নোৱাৰে।