পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪/ ওভতনি যাত্ৰা
 

তোমাৰ কথাবোৰ বাৰু ঠিক বুলি ধৰি ল'লো। কিন্তু তাৰ পাছত, মানে তাতকৈ বেছিকৈ ভাবিবলৈ তাইৰ এজন ডেকা প্ৰেমিক আছে। তুমি নিজেই দেখিছা প্ৰতিটো শনিবাৰে বৃন্দাক নিবলৈ সেই ডেকা ল'ৰাটো আহে।”

 “দেখিছোঁ। তেওঁ বৃন্দাৰ চকুলৈ চাই-চাই কথা পাতি থকাও দেখিছোঁ। কিন্তু তেওঁ যেন কেৱল বৃন্দাৰ চকুযুৰিৰ কথাহে কয়! তেওঁ যেন কেৱল তাইৰ গালৰ তিলটোৰহে প্ৰশংসা কৰে! কিন্তু বৃন্দাতো তাতকৈ অনেক সমৃদ্ধ! ই জানো এক ধৰণৰ অপচয় নহয়?” – ডেনিয়েলে যেন দবাৰ ব'ৰ্ডত তেওঁৰ বিপন্ন ৰজাটোৰ বাবে এটা নিৰাপদ ঘৰ বিচাৰি পায়।

 অথচ অনন্তমোহনে সেই ৰজাটোক বিপৰ্যস্ত কৰিবলৈ আন এটা সৈনিক আগবঢ়াই দিয়ে। তেওঁ কয়,—“চোৱা ডেনিয়েল, কথাবোৰ তুমি যেনেকৈয়ে নাভাবা কিয়, শেষ কথাটো হ'ল এই যে তাই তোমাৰ নহয়। সেইকাৰণে তাইক চুই চাবলৈ তোমাৰ কোনো অধিকাৰ নাই।”

 “ময়ো লাহে-লাহে বুজি উঠিছোঁ যে মোৰ কোনো অধিকাৰ নাই। অথচ মোৰ মন যায়। মোৰ ফালৰপৰা চাবলৈ গ'লে এইটো কিমান দুখৰ কথা নহয়নে?’—ডেনিয়েলে এটা কৰুণ দৃষ্টিৰে অনন্তমোহনলৈ চায়। তাৰ পাছত তেওঁ পুনৰ ক’বলৈ ধৰে, – “আচলতে স্পৰ্শ আৰু অনুভূতিৰ এটা আচৰিত সম্পৰ্ক আছে। এইটো ঠিক চুইছ এটা টিপি দিলে ক’ৰবাত বাল্ব এটা জ্বলি উঠাৰ নিচিনা কথা। মোৰ ধাৰণা, এদিন যদি কেনেবাকৈ মই বৃন্দাৰ স্পৰ্শ পাওঁ, মই ধন্য হ’ম। মই বোধকৰোঁ সিদিনা সম্পূৰ্ণ হ’ম।”

 অনন্তমোহনে ডেনিয়েলৰ প্ৰত্যয়পূৰ্ণ চকু দুটালৈ চায়। ৰাইন নদীৰ পানীত এনে কি শক্তি আছে যে ডেনিয়েলহঁত নিমিষতে একোটাহঁত ডেকা ল’ৰা হৈ যায়? আমষ্টাৰডামৰ লুণীয়া বতাহত এনে কি যাদু আছে যে তেওঁলোক স্পৰ্শৰ বাবে ব্যাকুল হৈ পৰে?

 বৃন্দাই হয়তো এই কথাবোৰৰ অকণো উমানেই পোৱা নাই। তাই যথেষ্ট ক্ষিপ্ৰতাৰে তাইৰ ভাগৰ কামবোৰ এফালৰপৰা সামৰি গৈছে।

 তাৰ পাছত, —— কাকতখনৰ সেই বিশেষ সংখ্যাটো প্ৰকাশ পোৱাৰ পাছত, যোৱা দহ দিন অফিছ বন্ধ হৈ আছে। এই দহোটা দিন সৌমেন, বৃন্দাহঁত নিজৰ-নিজৰ পৃথিৱীত সোমাই পাৰিছে। ডেনিয়েলো ছল্টলে’কৰপৰা শ্যামবাজাৰলৈ গোসাঁনীৰ প্ৰতিমা আৰু চিত্ৰ-বিচিত্ৰ পেণ্ডেলৰ সাজ-সজ্জা চাই-চাই ঢপলিয়াই ফুৰিছে। হুগলীৰ পাৰত তেওঁ ঘণ্টাৰ পাছত ঘন্টা কেৱল বহিয়েই কটাইছে। বেলুৰ মঠৰ নিজঞ্জাল নীৰৱতাত তেওঁ পাৰ কৰি দিছে অনেক সময়।

 আজি অফিছ খোলা। কিন্তু সেই বুলিয়েই যে সকলোবোৰ আহি গোট খাবহি তাৰ কোনো নিশ্চয়তা নাই। কলকাতাত পূজাৰ পাছৰ দিন দুটাৰ এনে সেৰেঙা উপস্থিতিক হয়তো উপেক্ষা কৰিব পৰা যায়।