পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটা স্পৰ্শৰ ইচ্ছা/৯৩
 

মই কিজানি বুঢ়া নোহোৱাকৈ থাকিম। কিন্তু আপুনি কওকচোন, এইটো মোৰ দোষনে কি যে মই কথাবোৰ নতুনকৈ ভাবিব পাৰোঁ, জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰোঁ!”

 “সেইবিলাক মই নুবুজোঁ ডেনিয়েল। মই ইয়াকে বুজোঁ যে তোমাৰ মনত এটা কুৎসিত, অশোভনীয় চিন্তাই বাহ লৈছে।”

 “ওহোঁ,” —ডেনিয়েলে আপত্তি কৰি উঠে – “এইটোক এটা অশোভনীয় কথা বুলি মই কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ। বৰং, যদিহে একো অপকাৰ কৰাৰ মতলব নাথাকে, তেন্তে মোৰ বোধেৰে, সকলোৱে সকলোকে স্পৰ্শ কৰিবলৈ সুযোগ পাব লাগে।”

 “সেইটো বেলেগ কথা। কিন্তু সকলোকে স্পৰ্শ কৰিবলৈ মন যোৱাৰ দৰে ইমান সৰলভাৱে, ইমান নিৰাসক্তভাৱে বৃন্দাক স্পৰ্শ কৰাৰ কথা তুমি ভাবিব পাৰানে?” দবাৰ ব'ৰ্ডখনত এটা বিপন্ন ৰজাক চেক দিয়াৰ কায়দাৰে অনন্তমোহনে সোধে।

 ডেনিয়েলে সেই প্ৰশ্নৰ উত্তৰ সিদিনাই দিব পৰা নাই। কিন্তু দুদিন পাছত তেওঁ বৰ ধীৰ আৰু অনুচ্চ কণ্ঠেৰে কৈছে, — “আসক্তি নাই বুলি ক’বলৈ মই তেনেকৈ নিশ্চিত নহওঁ। তথাপি মোৰ যে তেওঁক চুই চাবলৈ মন যায়, সেই কথাষাৰ খোলাখুলিকৈ ক’বলৈ মোৰ সাহস আৰু সততা আছে।”

 অনন্তমোহনে কয়,—“এইটোত সাহসৰ প্ৰশ্ন নুঠে। ই এটা চূড়ান্তভাৱে সংস্কাৰৰ কথা। ম‍ই যদি ভুল কৰা নাই, তেন্তে প্ৰায় সিমান বয়সৰ নহ'লেও ইতিমধ্যে গাভৰু হোৱা এজনী জীয়ৰী তোমাৰ আছে।”

 “হওঁতে মোৰ ছ’ফিয়াজনী ডাঙৰ এজনীয়েই হ'ল। কিন্তু ছ'ফিয়াৰ বয়সৰ সকলো ছোৱালীকে ছ’ফিয়া বুলি ভাবিবলৈ মোৰ মন নাযায়।”

 এইকেইটা দিনত ব্যস্ততাই এটা চূড়ান্ত ৰূপ পাইছিল। শাৰদীয় বিশেষ সংখ্যাৰ কথা; কাজেই এটা শকত ভলিউমৰ কাম।

 টেবুলে-টেবুলে চাহ আহে, স্নেকছ আহে। লেখক ধৰণৰ ভব্য-গব্য লোকসকলো যথাৰীতি আহি আছে। কম্পিউটাৰৰ মনিটৰত সেইকেইটা দিন পে'জমেকাৰ উলিয়াই বিপ্ৰদাস ব্যস্ত হৈ পৰিছে। নতুন ছাব-এডিটজনে কেপশ্যন এটা আকৰ্ষণীয় কৰিবলৈ যত্ন কৰিছে। সৌমেনে ‘শৰৎ কাল আৰু ৰবীন্দ্ৰনাথ’ জাতীয় লেখা এটাৰ প্ৰুফ চাবলৈ লৈছে।

 ডেনিয়েলে অনন্তমোহনৰ নিচেই কাষতে বহি ফুচফুচাই কোৱাদি কয়, – “আচলতে বৃন্দাক দূৰৰপৰা চাই থাকিলেও ভাল লাগে। তাই যেতিয়া গৰমত ঘামি-জামি ভাগৰুৱা যেন হৈ পৰে, যেতিয়া তাইৰ গাল আৰু কপালত লাগি থকা বিন্দু বিন্দু ঘামত একো- একোডাল চুলি লিপিট খাই লাগি ধৰে, তেতিয়া তাই অপূৰ্ব সুন্দৰী হৈ উঠে। তেনেকুৱা সময়ত, মোৰ এইসোপা কামৰ মাজতেই, তাইৰ অসংখ্য স্কেচ্ছ কৰিছোঁ।”

 অনন্তমোহনে ডেনিয়েলৰ উচ্ছ্বাসত বাধা দিয়ে। তেওঁ কয়, “স্কেচ্ছ কৰালৈকে