পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২/ ওভতনি যাত্ৰা
 

নিয়োগীয়ে এই কথাবোৰৰ প্ৰতিটো মুহূৰ্ত যেন গিলিবলৈহে ধৰে। ইতস্ততঃভাৱে তেওঁলোকৰ দুই-একে কেতিয়াবা কোনোবা এজনৰ পক্ষ লয়, কিন্তু সেইবুলি সন্মানীয় মানুহ দুজনৰ কোনো এজনকেই যুক্তিৰে পৰাস্ত কৰিবলৈ তেওঁলোকৰ মন নাযায়।

 দিনটোত কেইবাবাৰো চাহৰ পিয়লা আহে, স্নেকছৰ পেকেট আহে, লেখক ধৰণৰ দুই-এজন ভব্য-গব্য ব্যক্তি আহে আৰু এই সকলোবোৰৰ মাজত ক’তো অকণো আউল নলগাকৈ সাৱলীলভাৱে চলি থাকে কাকতখনৰ কাম। বৃন্দাক অফিছলৈকে আগবঢ়াই থ’বলৈ অহা, স্বঘোষিত অভিভাৱক যেন লগা যুৱক এজনে কেতিয়াবা শনিবাৰ একোটাৰ অনেক সময় বৃন্দাৰপৰা কাঢ়ি ল'ব খোজে। বৃন্দাই কৌশলেৰে সেই পৰিস্থিতিটো আয়ত্তলৈ আনি লয়।

 কিন্তু কাকতৰ অফিছ এটাৰ এই শৃংখলা আৰু সমৃদ্ধিৰ মাজতেই যোৱা মাহত অনন্তমোহনে এদিন আতংকিত হৈ ঘোষণা কৰিলে যে কিবা এটা অথন্তৰ ঘটিবলৈ আৰু বেছি দিন নাই। কিয়নো আবেগজৰ্জৰ কোনো এক মুহূৰ্তত ডেনিয়েলে হেনো অনন্তমোহনক কৈ পেলাইছে যে বৃন্দাক এবাৰ চুই চাবলৈ তেওঁৰ মন যায়।

 মন যাবলৈ জগতত কিমানবোৰ কথা আৰু কাম আছে, অথচ এই বুঢ়াটোৰ হঠাৎ এজনী আঠাইছ বছৰ বয়সৰ গাভৰু ছোৱালীক চুই চাবলৈ মন যায়! কথাষাৰ সৌমেনহঁতৰ যেন বিশ্বাসেই নহ’ল। তনয় মজুমদাৰে অৱশ্যে ক'লে, – ডেনিয়েল শিল্পী মানুহ, তাতে আকৌ পশ্চিমৰ লোক, গতিকে অন্ততঃ ডেনিয়েলৰ বাবে ইয়াত একো অস্বাভাৱিকতা নাই।

 কথাষাৰ সৌভাগ্যবশতঃ হয়তো বৃন্দাৰ কাণত পৰাগৈ নাই। অনন্তমোহনে উদ্বেগ আৰু শংকা মিহলি সুৰেৰে কৈছে,— এইটো কম ভয়ংকৰ কথা হৈছেনে? এইখন ভাৰতবৰ্ষ, ডেনিয়েলৰ হলেণ্ড নহয়; গতিকে তেনেকুৱা দুৰ্দান্ত বাসনা এটা মনত পুহি ৰখাটোৱেই এক অক্ষমণীয় অপৰাধ।

 বৃন্দাই নজনাকৈ পাৰ হৈ যোৱা এই দিনকেইটাত ডেনিয়েল সম্পৰ্কে কিছু চৰ্চা, কিছু সমালোচনা হৈছে। তেওঁৰ চালচলনত সততেই সন্দেহৰ দৃষ্টি ৰখা হৈছে। আৰু এনেকুৱা আমনিদায়ক আৰু অস্বস্তিকৰ পৰিস্থিতিৰ মাজতেই এদিন তেওঁ অত্যন্ত শান্ত আৰু সমাহিতভাৱে কৈছে যে ফুল এপাহ যেনেকৈ চুই চাবলৈ মন যায়, পখিলাৰ ছবিখন ছবি বুলি জনাৰ পাছতো যেনেকৈ চুই চাবলৈ মন যায়, তেনেকৈ, ঠিক তেনেকৈ বৃন্দাক এবাৰ চুই চাবলৈ মন যায়।

 “ভয়ংকৰ তুলনা” —অনন্তমোহনে কয়, —“চোৱা ডেনিয়েল, এয়া তোমাৰ বৃদ্ধ অৱস্থাৰ মতিভ্ৰম। মোৰ দৰে তুমিও এজন বুঢ়া মানুহৰ দৰে আচৰণ কৰিবলৈ যত্ন কৰা।”

 ডেনিয়েলে কয়,—“মই বুঢ়া হোৱা নাই। আঠচল্লিছ কিয়, আঠসত্তৰ বছৰ বয়সতো