পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটা স্পৰ্শৰ ইচ্ছা / ৯১
 


 পূজাৰ মূলপৰ্ব অৱশ্যেই শেষ হৈছে আৰু কালি আবেলিৰপৰা আৰম্ভ হৈছে বিসৰ্জন অনুষ্ঠান। প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুযায়ী আজিও নিৰ্দিষ্ট একোটা পথেৰে শোভাযাত্ৰা কৰি আগবাঢ়ি যাব প্ৰতিমা কঢ়িয়াই নিয়া ট্ৰাক, ভান আৰু বিচিত্ৰ আকৃতিৰ কেৰিয়াৰ। কোনবোৰ ৰাস্তাৰ মূৰত ‘প্ৰবেশ নিষেধ’ বোলা ফলকবোৰ লগোৱা থাকিব, ভিৰৰ কোবত কোনটো বাটেৰে খোজকাঢ়িব পৰা নাযাব, — এই কথাবোৰ ইয়াত বাস কৰা মানুহবোৰৰ মুখস্থ হৈ গৈছে। কিন্তু ডেনিয়েলৰ কাৰণে এই পৰিস্থিতিটো সম্পূৰ্ণ নতুন। আমষ্টাৰডামৰপৰা কলকাতালৈ অহা তেওঁৰ এবছৰো হোৱা নাই। সেইখন মহানগৰীত ষোল বছৰ সংসাৰ কৰাৰ পাছত, প্ৰায় সাতচল্লিছ বছৰ বয়সত ডেনিয়েলে তেওঁৰ দেশত এৰি থৈ আহিছে পত্নী ক্লাৰা আৰু দুটি সন্তান জো আৰু ছ'ফিয়াক।

 ল'ৰা-ছোৱালী দুটালৈ তেওঁৰ বাৰু মনত নপৰেনে? এমছেল নৈৰ পাৰত ক্লাৰাৰ সৈতে তোলোৱা ফটোখনে তেওঁক বাৰু কেতিয়াবা আমনি নকৰেনে? ডেনিয়েলৰ মুখখনলৈ চাই এইবোৰৰ একো ধৰিব নোৱাৰি। তেওঁ আকৌ কেতিয়াবা আমষ্টাৰডামলৈ উভতি যাবনে নাযায়, কাকতত স্কেচ্ছ অঁকাৰ দৰে কম দৰমহাৰ এই চাকৰিটো এৰি আগৰ কোম্পানিৰ কামত যোগ দিবগৈনে নাই সেই কথা এতিয়াই ক’ব নোৱাৰি। প্ৰকৃততে পশ্চিমৰ লোকসকলৰ জীৱনধাৰণৰ পদ্ধতি সম্পৰ্কে নিশ্চিত মন্তব্য দিবই নোৱাৰি। তথাপি ইমানলৈকে হয়তো ক'ব পাৰি যে তেওঁলোকে প্ৰবলভাৱে স্বাধীনতা উপভোগ কৰে, জীৱনত কিছু দুৰ্দান্ত ৰিস্ক লয় আৰু নিৰন্তৰ নতুন কিবা এটাৰ সন্ধানত ঘূৰি ফুৰে। সেইকাৰণে ডেনিয়েলৰ বিবাহ-বিচ্ছেদ আৰু নতুন জীৱন-সন্ধান প্ৰক্ৰিয়াক এটা বিক্ষিপ্ত ঘটনা বুলি অধিক গুৰুত্ব প্ৰদানৰ প্ৰয়োজন নহয়।

 তথাপি ডেনিয়েল সম্পৰ্কে সম্পাদক অনন্তমোহনৰ কিবা এটা সন্দেহ আৰু আশংকা থাকিয়েই যায়। যদিও কাকতখনৰ স্কেচ্ছ আৰু সংলগ্ন ছবিসমূহৰ বাবে ডেনিয়েল ইতিমধ্যে অপৰিহাৰ্য হৈ উঠিছে, যদিও বয়স নিৰ্বিশেষে আন সহকৰ্মীসকলৰ সৈতে ক্ৰমশঃ তেওঁৰ অন্তৰংগতা বাঢ়ি আহিছে, তথাপি অনন্তমোহনে ডেনিয়েল সম্পৰ্কে অলপ-অচৰপ শংকা প্ৰকাশ কৰেই। তেওঁলোক কেতিয়াবা তৰ্কযুদ্ধতো অৱতীৰ্ণ হয়। কিন্তু যেতিয়া নিজৰ দেশৰ সংস্কৃতি সম্পৰ্কে আলোচনা হয়, তেতিয়া অনন্তমোহনক অধিক গৌৰৱান্বিত হোৱা দেখা যায়। আত্মপ্ৰসাদত গৰ্বিত হৈ বাৱন্ন বছৰীয়া সম্পাদকজনে ডেনিয়েলক উপদেশ দিয়া দেখা যায়।

 প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা বিপৰীতমুখী যেন লগা সংস্কৃতিৰ সপক্ষে যেতিয়া এই প্ৰৌঢ় ভদ্ৰলোক দুজনে নিজৰ-নিজৰ যুক্তি প্ৰদৰ্শন কৰে, তেতিয়া সুলেখা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ এই কোঠালিটো ভীষণ উপভোগ্য হৈ উঠে। যথেষ্ট ব্যস্ততা সত্ত্বেও ষ্টাফ ৰিপ'ৰ্টাৰ সৌমেন, বিপ্ৰদাস, তনয় মজুমদাৰহঁতে, নতুনকৈ কামত যোগ দিয়া ছাব- এডিটজনে, সপ্তাহৰ প্ৰতিটো শুকুৰ আৰু শনিবাৰে নিৰ্দিষ্ট দুটা পৃষ্ঠাৰ কাম কৰা বৃন্দা