পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘূৰ্ণিত পৃথিৱী /৮৯
 


এজনৰপৰা এটা এপ্ৰন আৰু অলপ সৰঞ্জাম সংগ্ৰহ কৰাৰ পাছত কিমান সুন্দৰকৈ চলি যাব পাৰিছোঁ, কিমান ইয়ে কৰিছোঁ, যিবোৰ মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। আপোনাৰ হয়তো ভীষণ খং উঠিছে, এই চাওক ছাৰ মই মনে-মনে থাকিলো, এনেয়েও মোৰ মুখখন বিষাইছে, দাঁত বিষাইছে, মোৰ থুঁতৰিটো, আস—!”

 বিশ্বাস আৰু সন্দেহৰ এটা মিশ্ৰিত ভাবেৰে পুলিছ বিষয়াজনে ক’লে,—“হওঁতে তই দাৰ্শনিকৰ দৰেই কথাবোৰ কৈছ। কিন্তু এইবোৰ ছলাহী কথাৰে তই সাৰি যাব নোৱাৰ। সেইবোৰ যি হ’ল হল, এতিয়া মোৰ ফিজটো দে।”

 মানুহটোৱে তেওঁৰ পেণ্টৰ ভিতৰ-জেপৰপৰা এশটকীয়া নোট এখন উলিয়ালে। নিতাৰ খুৰাকেও অগত্যা নিজৰ জেপখনত এটা জৰীপ চলালে।

 পুলিছ বিষয়াজনে দুখন নোট নিজৰ জেপত সুমুৱালে। তাৰ পাছত ক’লে,— “এতিয়া ভাগ, আগলৈ এনে কাম নকৰিবি।”

 পৃথিৱীখনতো আৰু একে ঠাইতে স্থবিৰ হৈ নাথাকে! ই নিৰন্তৰ ঘূৰিবই লাগিছে। গজেন আৰু বাচ্চুৰ ঠিকাৰ টেণ্ডাৰৰ কাম আছে। নিতাৰ খুৰাকৰ নিজা ঘৰ-সংসাৰ আছে। সকলোৰে এটা নিজস্ব গতি আছে। কোন কাৰ বাবে ৰৈ থাকিব পাৰে!

 দুটামান মাহ এক নিজস্ব ছন্দত পাৰ হৈ গৈছে। ইয়াৰ মাজতে সোণাপুৰৰ ফালৰ কোনো এজন নিমাখিত শিক্ষকৰ ঘৰত নিতাৰ জীৱন থিতাপি লাগি গৈছে। খাৰঘুলি পাহাৰৰ ঘৰটোত এতিয়া নিতাৰ মাক আৰু এখন নীৰৱ ভায়’লিন।

 আজিকালি অনেক ঘটনা দ্ৰুতগতিত ঘটি যায়।

 দেখা গৈছে,—দীঘলীপুখুৰী, হাইক’ৰ্ট আৰু লতাশিল পথাৰ সংলগ্ন চাৰিআলিটোৰ সমীপত, য’ত এজাক সুন্দৰী যুৱতী সততেই দিছপুৰ-বেলতলামুখী কোনো ছিটিবাছৰ অপেক্ষাত ৰৈ থাকে, যোৱা কিছুদিন ধৰি, আনকি আজিও, গধূলিৰ সময়ছোৱাত এটা ভিৰ হৈছে। সেই ভিৰৰ মাজত এজন মানুহ একপ্ৰকাৰ জঁপিয়াই উঠিছে, তেনেকৈ উঠোতে তেওঁৰ হাতৰ চেপত ভাঁজ কৰি অনা ক’লা কোটটো পৰি যাব খুজিছে। পোছাকযোৰলৈ চাই এনে লাগিছে যেন মানুহজন এজন অধিবক্তা।

 কথাটো হয়তো এনেকৈ ধৰি ল'ব পাৰি যে হাইক'ৰ্টৰপৰা নিজৰ কাম সামৰি আহোঁতে

তেওঁৰ পলম হৈছে। হয়তো কোনোবা এফালে যাবলগীয়া আছিল!


প্ৰান্তিক, ১ এপ্ৰিল, ২০০৩