তেওঁ মানুহটোক নিতাৰ লগত দুদিনমান দেখিছিল। তাৰ পাছত জানিবা অনেক কথাৰ
পম খেদি, অ'ত-ত'ত বিশ্বাসৰ মানুহ নিয়োগ কৰি আজি দুপৰীয়া তেওঁ খবৰ পালেহি
যে মানুহটোক আদাবাৰী বাছ আস্থানত দেখা গৈছে। নলবাৰীলৈ যাবলগীয়া অমুক নামৰ,
তমুক ৰঙৰ, এই-এই নম্বৰৰ বাছ এখনত উঠি মানুহটো হেনো বহি আছে। বচ, আৰু
কোনো কথা নাই। কালবিলম্ব নকৰি, মাৰপিট কৰি ভাল পোৱা দুটা ডেকা ল'ৰাৰ সৈতে
মদ-মাংসৰ বন্দৱস্ত কৰি, সৰু গাড়ী এখন ভাৰালৈ লৈ তেওঁ আহি-আহি এইডোখৰ
পাইছেহি।
আৰু এতিয়া গুৱাহাটীৰপৰা ইমান মাইল আঁতৰৰ ঠাই এডোখৰত পুলিছ থানাত সোমাবলগীয়া হ'লেই অনেক সময়ৰ অপচয়। কিন্তু তাকে নকৰি অপাৰেশ্যেনটোৰ এটা সফল পৰিসমাপ্তি ঘটাবলৈ আন কোনো উপায় ভাবি পোৱা নগ'ল।
সাত
সৰু থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ চকু দুটা যদিও এই ফুট গধূলিতেই গধুৰ হৈ পৰিছে, যদিও তেওঁৰ খাকী পোছাকযোৰৰপৰা কোঠাটোৰ ইফালে-সিফালে ঘাম আৰু এলক’হলৰ এটা মিশ্ৰিত গোন্ধ বিয়পি পৰিছে, তথাপি তেওঁ এই মুহূৰ্তত হয়তো সাংঘাতিক অমানুহ হৈ যোৱা নাই। তেওঁৰ এটা পুলিছী মেজাজ আছে; থাকিবই। সেইবুলি তেওঁ অকণো বিৰক্তি প্ৰকাশ কৰা নাই। দোৰোল খোৱা জিভাখন লৰাই-লৰাই বিষয়াজনে কৈছে,—“চাওক, মই ইয়াক এতিয়াই এশিকনি দিয়াব পাৰোঁ, কিন্তু কথা হৈছে মাৰিম কোনডোখৰত?”
নিতাৰ খুৰাকে বিনয়েৰে ক’লে,— “কিবা এটা কৰক ছাৰ, আমি এওঁক গতাই দিবলৈহে আহিছোঁ।”
“গতাইদিওঁ বুলিলেই হ’বনে?”— স্কুলীয়া ছাত্ৰক বুজোৱাদি বিষয়াজনে নিতাৰ খুৰাকক ক’লে,—“আমি যে এটা মানুহক লৈ এই ৰাতিখন ব্যস্ত হৈ পৰিম, আমাৰ যে টোপনি খতি হ’ব, এনকোৱেৰিৰ নামত ডিঙিবোৰ শুকাব, এইবিলাকৰ এটা খৰচ নাইনে?”
নিতাৰ খুৰাকে কাবৌ-কোকালি কৰি ক'লে—“সেইবোৰ কথা নুলিয়াব ছাৰ! মই এনেয়েও এইবোৰত সোমাবলৈ বিচৰা নাছিলো। অগত্যা বাধ্যত পৰিহে —।”
পুলিছ বিষয়াজনে শ্বেলফ এখনৰ মাজৰ থাকটোৰপৰা এটা ঢাকি থোৱা গিলাচৰ দুঢোক ৰঙীণ পানী খাই ল'লে। তাৰ পাছত এটা গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰাৰ ভংগীৰে তেওঁ ক’লে,—–“চাওক, আপোনালোকে যে ফুটপাথত খোজকাঢ়ি থকা এটা নিৰীহ মানুহক গ্ৰিভাছ হাৰ্ট কৰি, মানে অস্ত্ৰ-শস্ত্ৰৰে জখম কৰি ইয়ালৈ অনা নাই, তাৰ কিবা প্ৰমাণ আছেনে?”
নিতাৰ খুৰাক শিল পৰা কপৌযেন হ’ল।