পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬/ ওভতনি যাত্ৰা
 

একো তৰ্কিবই নোৱাৰিলে। কিন্তু খুব স্বাভাৱিকভাৱেই এটা গুণগুণনিৰ সৃষ্টি হ’ল। ঘটনাটোৰ বুজ ল’বলৈ যাত্ৰীৰ মাজৰপৰা দুজন আদহীয়া মানুহ আৰু কেইটামান ডেকা ল’ৰা নামি আহিল।

 বাচ্চুৱে মানুহটোৰ পেটত গোৰ মাৰিবলৈ আৰম্ভ কৰিলে। তাৰ মাজে মাজে যিকণ সুৰুঙা পোৱা যায় সেইকণৰ সদ্ব্যৱহাৰ কৰি গজেনে কেইটামান ঘোচা মাৰিলে। তাৰে তিনিটা মানুহটোৰ মুখত লাগিল। নাকেৰে এসোঁতা তেজ ওলাল, সন্মুখৰ দাঁত দুটামান লৰিল।

 এই কথা নিমিষতে সদৰি হৈ পৰিল যে মানুহটো এটা মস্ত দগাবাজ আৰু তেওঁৰ প্ৰকৃত নাম প্ৰশান্ত চৌধুৰীতো নহয়েই, হয়তো বিভু কলিতা, বৰ বেছি বিভুতিভূষণ কলিতা। তাতো অৱশ্যে সন্দেহ আছে। কিন্তু যিয়েই নহওক, কিবা এটা হেস্ত-নেস্ত এতিয়াই হৈ যাওক,— এই ভাবত কেইবাজনো বাছযাত্ৰীৰ হাতৰ মুঠি টান হৈ আহিল।

 ইতিমধ্যে বাচ্চু আৰু গজেনৰ গোৰ আৰু কিল খাই-খাই প্ৰশান্ত চৌধুৰী ওৰফে বিভূ কলিতা ওৰফে বিভুতিভূষণ লেবেজান হৈছিল। গোট খোৱা মানুহৰ ভিৰটোৱে সৃষ্টি কৰা বৃত্তটোৰ কেন্দ্ৰৰপৰা পৰিধিলৈ দুবাৰমান তেওঁ ছিটিকি পৰিছিল আৰু সিমানখিনিৰ পাছত এটা সতেজ গণপ্ৰহাৰৰ চিকাৰ হ’ব পৰাকৈ তেওঁৰ দেহাটো সমূলি উপযোগী হৈ নাথাকিল।

 এটা বিকল্প ব্যৱস্থা বিচাপে জুমটোৰ মাজৰপৰা কোনো এজন অত্যুৎসাহী যুৱকে মানুহটোৰ চুলিখিনি খুৰাই দিয়াৰ প্ৰস্তাৱ উত্থাপন কৰিলে; আৰু কি আচৰিত, বিদ্যুৎ ক্ষিপ্ৰতাৰে ওচৰৰ চেলুন এখনৰ পৰা কেঁচী আৰু খুৰৰ যোগাৰ হৈ গ'ল। পোন্ধৰ মিনিটৰ ভিতৰত তেওঁৰ মূৰটোৱে এটা হৰ্ষ-বিষাদৰ ৰূপ পালে আৰু পেট্ৰল পাম্পৰ দৰে যন্ত্ৰবৎ ঠাই এডোখৰ কিছু সময়লৈ আমোদ-প্ৰমোদৰ কেন্দ্ৰ হৈ পৰিল।

 কিন্তু সেইবুলি নলবাৰী অভিমুখী বাছ এখন বাইহাটা চাৰিআলিৰ পেট্ৰল পাম্পত কিমান সময় ৰখাই থ'ব পৰা যায়? দুই-এজন যাত্ৰী, ঘাইকৈ মহিলাসকল অধৈৰ্য হৈ উঠিল। আৰু অনেক বাক-বিতণ্ডাৰ মূৰত বাছখন সেই ঠাই এৰি নলবাৰী অভিমুখে তীব্ৰবেগেৰে গুচি গ'ল। বাছখনলৈ চাই-চাই চেলুনৰ গৰাকীজনে তেওঁৰ কেঁচীখন আৰু খুৰপাট বিচাৰি দুবাৰমান চিঞৰিলে; কিন্তু অতি স্বাভাৱিকভাৱেই সেই চিঞৰটো তল পৰি গ'ল।

ছয়

 গধূলি হৈ আহিছে। বজাৰ-সমাৰ কৰিবলৈ অহা মানুহক অযথা উত্তৰ দিবলগীয়া হৈছে। পৰিস্থিতিটো নিতাৰ খুৰাকৰ সমূলি ভাল লগা নাই। তথাপি তেওঁ কৈছে যে ঘটনাটোৱে এই ৰূপ পোৱাৰ পাছত বাধ্যত পৰিহে, আৰু দেউতাক নোহোৱা ছোৱালীজনীৰ মুখখনলৈ চাইহে তেওঁ এইবোৰ কথাৰ মাজত সোমাবলগীয়া হৈছে। কপাল ভাল যে