পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪/ ওভতনি যাত্ৰা
 


সদায় ভৰলুমুখলৈ অহা যোৱা, ওহোঁ, নাৰ্ছিংহোমৰ চাকৰিটো তেওঁৰ মুঠেও পছন্দ হোৱা নাই, একদম ৰুটিনমাফিক আৰু তাতোকৈ দুখৰ কথাটো হ’ল,—এনেকৈ থাকিলে নিজৰ টেলেণ্টটো ব্যৱহাৰ কৰাৰ কোনো স্ক’প নাই।

 “আৰু আপুনি?”—মানুহজনে তাইৰ প্ৰতি এটা সৌজন্যসূচক আগ্ৰহ প্ৰকাশ কৰে।

 নিতাই তাইৰ ভৰলুমুখৰ সংগীত বিদ্যালয়খনৰ কথা কয়, পঢ়া-শুনাৰ লেঠাবোৰ সামৰি ভায়’লিন শিকি থকাৰ কথা কয়, নিতৌ বাৰোৱাৰী নামঘৰ নাইবা উজানবজাৰ বাছষ্টপত নামি খাৰঘুলিলৈ বাকীছোৱা বাট ৰিক্সাৰে যাবলগীয়া হোৱাৰ কথা কয়, আৰু এদিন অলপ আবেগিক হৈ তাই কয় যে এই পৃথিৱীখনত তাই বৰ অকলশৰীয়া।

 তাৰ পাছৰ দিনবোৰত যাত্ৰীৰ ঠেলা-হেঁচা আৰু ৰাস্তাৰ অগণন গাড়ী-মটৰৰ ভেঁ-ভেঁ -পেঁ-পেঁৰ মাজতেই ভৰলুমুখৰপৰা এছোৱা বাট এটা ষ্টেথেস্ক’প আৰু এখন ভায়’লিনৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। ভায়’লিনখন যিমানেই কৰুণ আৰু বিষণ্ণ হৈ পৰে, ষ্টেথেস্ক’পটো সিমানেই যেন অধিক উদ্বিগ্ন হয়।

 কেতিয়াবা তাই চলন্ত ছিটিবাছৰ খিৰিকিৰে হেঙুলীয়া বেলিটোলৈ দেখুৱায়। আৰু তেওঁ টেট্ৰামাইছিন আৰু ডেকাড্ৰনৰ লেখীয়া আপাতকঠিন ঔষধৰ নামেৰে তেওঁৰ পেছাটোৰ বিশ্বাসযোগ্যতাক দৃঢ় কৰি তোলে।

তিনি

 সেয়া যদি আছিল জুনৰ প্ৰথম সপ্তাহ, তেন্তে জুলাইৰ দ্বিতীয় সপ্তাহত তাই মানুহটোক তাইৰ ঘৰলৈ নিব পৰা হৈ যায়। তাৰ পাছৰ কোনো এক সপ্তাহান্তত তেওঁলৈ এসাঁজ ভাতৰ নিমন্ত্ৰণ আহে। সিদিনা তেওঁ নিতাৰ মাকক মানিমুনি আৰু শিলিখাৰ উপকাৰিতাৰ কথা কয়।

 সেই দিনবোৰ যদি বৰ্ষণমুখৰ জুলাইৰ, তেন্তে আগষ্টৰ প্ৰথম সপ্তাহত নিতা অনুযোগ কৰিব পৰা হৈ যায়, “তোমাৰ টেলিফোন নম্বৰটো মোক নিদিলাযে!”

 নাই। সদ্যহতে প্ৰশান্ত চৌধুৰীৰ নামত কোনো টেলিফোন নাই। “আৰু নাৰ্ছিংহোমৰ নম্বৰটো দি কি লাভ ”– তেওঁ কয়,— “দুই-এদিনতে কামটোতো এৰিয়েই দিম।”

 “এৰি দিবা?”— নিতাই উদ্বিগ্ন হৈ সোধে,— “তাৰ পাছত?”

 প্ৰশান্ত চৌধুৰীয়ে কয়,— “চাওঁচোন কি কৰা যায়।”

 ছেপ্টেম্বৰত নিতা অস্থিৰ হৈ উঠে। প্ৰশান্ত চৌধুৰীয়ে কয়,—“অক্টোবৰত কিবা এটা হ'ব।”

 অক্টোবৰৰ দ্বিতীয় সপ্তাহত তাই সোধে,—“এতিয়া?” তেওঁ নিতাৰ চুলিত আঙুলি বুলাই-বুলাই কয়,—“বাহিৰৰ পৰা এটা অফাৰ আহিছে, এটা সাংঘাতিক প্ৰছপেক্ট, এবাৰ সোমাব পাৰিলে লাখৰ হিচাপত টকা; টকাতো নহয়, ডলাৰ!”