পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘূৰ্ণিত পৃথিৱী /৮৩
 


নোহোৱাৰ নিচিনা। ভাবিলে বেয়া লাগে। কিন্তু ভাল লগা কথাটো হ'ল—তাইৰ কৰুণ, গোলাকাৰ মুখখনৰ এটা সৌন্দৰ্য আছে। সেই বস্তুটো থকালৈকে তাইৰ পৃথিৱীখনত অসংখ্য প্ৰশ্ৰয়ৰ চকু আৰু তোষামোদৰ ওঁঠ আছে।

 এনেকুৱা কথাবোৰ ভায়’লিনৰ তাঁৰত ব’ডালেৰে ৰেপ দি-দি বহু সময়লৈ চিজিল লগাই ভাবি থাকিব পাৰি। কিন্তু বাছৰ ভিতৰৰ চিন্তাবোৰ বিক্ষিপ্ত। কোনো এটা বাছষ্টপত নতুন মানুহ উঠিলেই আগৰ চিন্তটোৰ আঁত হেৰাই যায়।

 এইযে মানুহজনৰ হাতত এটা এপ্ৰন দেখা গ'ল, তেওঁ বাৰু নিশ্চিতভাৱেই এজন চিকিৎসক নহয়নে! ডাঙৰ-ডাঙৰ হোটেলৰ ৰান্ধনিয়েও একধৰণৰ এপ্ৰন পিন্ধে, কিন্তু এই মানুহজন যে এজন চিকিৎসকেই তেওঁৰ হাতৰ ব্ৰিফকে’ছটো দেখাৰ পাছত সেই বিষয়ে নিতাৰ আৰু সন্দেহ নাথাকিল।

দুই

 আজিকালিৰ দিনতো নিজা বাহন এখন নোহোৱাকৈ এজন চিকিৎসকে এইখন মহানগৰীৰ জীৱনধাৰাত চামিল হ’বলৈ লৈছে,— কথাটো বিশ্বাস কৰিবলৈকে টান লাগে। কিন্তু ঘটনাটো যদি এনেকুৱা হয় যে মানুহজন এই পেছাটোত তেনেই নতুন, চৰকাৰী চাকৰিৰ দৰে চিৰস্থায়ী বন্দৱস্ত এটা এই পৰ্যন্ত হোৱাগৈ নাই, হ’লেও বয়সটো যিহেতু আনুমানিক ত্ৰিছৰপৰা পঁয়ত্ৰিছৰ ভিতৰত, পঁয়ত্ৰিছ নহৈ উচ্চসীমাটো জানিবা সাতত্ৰিছ! ক’বতো নোৱাৰি, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কিজানিবা এনেকুৱা যে সাৰে থকা সোতৰ ঘণ্টা নতুন গাড়ী এখনৰ বাবে কুটুৰি থাকিবলৈ ঘৈণী এজনী নাই, তেনেহ'লেতো হাতত ব্ৰিফকে’ছ লৈ ৰিক্সাই-বাছে ঢপলিয়াবলগীয়া হ'বই!

 আৰু কি আচৰিত, নিতাই লক্ষ্য কৰিলে, — এইটো এদিনৰ কথা নহয়। কেইবাদিনো, একপ্ৰকাৰ বাদ নপৰাকৈয়ে মানুহজনৰ সময় নিতাৰ ঘৰলৈ ওভতা সময়ৰ সৈতে মিলিবলৈ আৰম্ভ কৰিছে। বাছৰ ভিতৰত প্ৰায় নিয়মীয়াকৈ আৰু খুব ওচৰা-উচৰিকৈ থিয় হৈ, বহি অথবা সৰীসৃপৰ দৰে পেট-বুকু-পিঠি ভাঁজ কৰি আগুৱাই-পিছুৱাই এছোৱা বাট অতিক্ৰম কৰিবলগীয়া হৈছে। ফাঁচিবজাৰৰ বাছষ্টপত দুটা ছিট বৰ সুবিধাজনকভাৱে খালী হৈ পৰিছে, মিউজিকেল চেয়াৰ নামৰ এবিধ আমোদজনক খেলৰ দক্ষ প্ৰতিযোগীৰ দৰে দুয়ো ক্ষিপ্ৰতাৰে বহি পৰিছে, কিবা এটা হয়তো হঠাৎ মনত পৰি গ'ল, তেনেকুবা ভাবত কাগজজাতীয় কিবা এখন উলিয়াবলৈ মানুহজনে তেওঁৰ ব্ৰিফকে'ছটো সামান্য খুলি লৈছে। হয়তো নিতাই দেখাকৈ খুলিছে আৰু সেই সামান্য সুযোগতে নিতাই লক্ষ্য কৰিছে যে তাৰ ভিতৰত এটা ৰক্তচাপ জোখা যন্ত্ৰ আৰু এটা ষ্টেথেস্ক’প।

 ডাক্তৰ প্ৰশান্ত চৌধুৰী,—মানুহজনে বৰ অমায়িকভাৱে নিজৰ এটা পৰিচয় দিয়ে। তেওঁ শিলপুখুৰীৰ ওচৰে-পাঁজৰে ক'ৰবাত ৰুম এটা ভাৰা লৈ আছে আৰু এইযে সদায়